মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

ৰাষ্ট্ৰীয় সেউজ দল

১. ৰাষ্ট্ৰীয় সেউজ দল (এন.জি.চি) হল পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা লোৱা ২০০১-০২ চনত আৰম্ভ হোৱা, পৰিবেশ সজাগতা সৃষ্টিৰ বাবে এক প্ৰধান পদক্ষেপ, যিয়ে পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ফালে কাম কৰিবলৈ সৰু লৰা-ছোৱালীৰ সদস্য সৃষ্টি কৰাৰ লক্ষ্য বান্ধি লৈছে। এন.জি.চিয়ে বিষ্ময়কৰ প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হৈছে আৰু যোৱা ১৫ বছৰত দেশজুৰি ১,০০,০০০তকৈ অধিক ইকো-গোষ্ঠীৰ নেটৱৰ্ক গঢ়ি তুলিছে আৰু ই হৈ পৰিছে এটা অন্যতম বৃহত্ সংৰক্ষণ নেটৱৰ্ক, যিয়ে পৰিবেস সজগতাক ব্যাপকভাৱে লোৱাত তৃণমূল পৰ্যায়ত ইয়াৰ গুৰুত্ব সূচিত কৰিছে।

২. অসমত ২০০১-০২ চনৰ পৰা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ পৰিবেশ বিভাগৰ দ্বাৰা এন.জি.চি. অনুষ্ঠানসমূহ ৰূপায়িত হৈ আহিছে। সমগ্ৰ ৰাজ্যৰ জিলাসমূহৰ বিদ্যালয়সমূহত সম্পূৰ্ণ ৫৪০৭টা ইকো-গোষ্ঠী স্থাপন কৰা হৈছে – বাক্সা (১৫০), বৰপেটা (২৫০), বঙাইগাঁও (১৪১), কাছাৰ (২৫০), চিৰাং (১৫০), দৰং (২৫০), ধেমাজি (২৫০), ধুবুৰী (১০২), ডিব্ৰুগড় (২৫০), ডিমা হাছাও (২৫০), গোৱালপাৰা (১০০), গোলাঘাট (২৫০), হাইলাকান্দি (২৫০), যোৰহাট (২৫০), কামৰূপ (১৫০), কামৰূপ মহানগৰ (২৫০), কাৰ্বি আংলং (২৫০), কৰিমগঞ্জ (১২৬), কোকৰাঝাৰ (১৫০), লখিমপুৰ (২৫০), মৰিগাঁও (১০০), নগাঁও (২৫০), নলবাৰী (২৫০), শিৱসাগৰ (১৪০), শোণিতপুৰ (২৫০), তিনিচুকীয়া (২৪৮), ওদালগুৰি (১৫০)। বিশ্বনাথ, চৰাইদেউ, পূৱ কামৰূপ, হোজাই, মাজুলী, দক্ষিণ কামৰূপ, দক্ষিণ শালমৰা-মানকাছৰ আৰু পশ্চিম কাৰ্বি আংলঙৰ দৰে নতুন জিলাসমূহত ইকো-গোষ্ঠী স্থাপন কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ অব্যাহত আছে। যোৱা ১৫ বছৰত ইকো-গোষ্ঠীৰ সদস্যসকলে বৃক্ষৰোপন, শোভাযাত্ৰা, তৰ্ক, প্ৰশ্নোত্তৰ, জনপ্ৰিয় বক্তৃতা, প্ৰাকৃতিক পথ, স্বচ্ছতা অভিযান আদিৰ দৰে পৰিবেশ সম্পৰ্কীয় অনুষ্ঠানসমূহত সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে।