মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

ৰাজ্যিক জৈৱ প্ৰযুক্তিবিদ্যা কোষ

১. বিজ্ঞানৰ ঐতিহাসিক উন্নয়নত জৈৱ প্ৰযুক্তিবিদ্যাই মুখ্য স্থান অধিকাৰ কৰিছে। পৰম্পৰাগত আৰু আধুনিক প্ৰযুক্তিবিদ্যা, এই দুই বিভাগত বিভিক্ত, এইবিধ গুৰুত্বপূৰ্ণ বিজ্ঞানে পানীয় উত্পাদনৰ পৰা আৰম্ভ কৰি ঔষধ, কৃষি, পৰিবেশ সুৰক্ষা আৰু এনে কিছুমান ক্ষেত্ৰলৈ প্ৰাসঙ্গিকতা লাভ কৰিছে। প্ৰাথমিকভাৱে সপ্ৰান প্ৰণালীৰ সৈতে লেনা-দেনা কৰা জৈৱ-প্ৰযুক্তিবিদ্যাই জীৱ, এনজাইম আৰু প্ৰটিন যিসমূহ প্ৰাকৃতিকভাৱে পোৱা যায় বা আহৰণ কৰা হয় আদি ব্যৱহাৰ কৰা যিকোনো কৌশলৰ সৈতে সংঘবদ্ধ হয়। পৰম্পৰাগত কৌশলসমূহে জৈৱ প্ৰযুক্তিগত পদ্ধতিসমূহ ব্যৱহাৰৰ জৰিয়তে উন্নতি লাভ কৰিছে। জন্মগতভাৱে পৰিৱৰ্ত্তিত জীৱ, বৰ্ণসংকৰ ইত্যাদিসমূহে লাহে লাহে কৃষিজাত দৃশ্যপট নিয়ন্ত্ৰণাধীন কৰি আছে, যদিও পৰিবেশগত ক্ষেত্ৰত কিছুমান ঋণাত্মক দিশ আছে। ধান, চাহপাত, নেমু, কল, বেত, বাঁহ, অৰ্কিড, ঔষধী আৰু সুগন্ধিযুক্ত উদ্ভিদ, ৰেচম, জলজ উদ্ভিদ, অনুজীৱ সম্বন্ধীয় সম্পদ ইত্যাদিৰ দৰে বিভিন্ন জৈৱ সম্পদৰ ঐতিহ্যসমৃদ্ধ অসমে পৃথিৱীৰ অন্যতম এটা জৈৱ-বৈচিত্ৰ্যতাৰ হট-স্পট হিচাপে গৌৰৱ অনুভৱ কৰিব পাৰে। তথাপি কেইখনমান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানে বৰ্তমান ইয়াত জৈৱ-প্ৰযুক্তিবিদ্যাত গৱেষণা আৰু উন্নয়ন অব্যাহত ৰাখিছে। বেছিভাগ প্ৰাপ্তিয়েই কেৱল গৱেষণাগাৰতে সীমাবদ্ধ হৈ আছে। সেয়েহে শেহতীয়া গৱেষণাৰ প্ৰাপ্তি আৰু অন্যান্য সম্পৰ্কীয় কাৰ্যকলাপসমূহ উলিয়াই আনিবলৈ জৈৱ প্ৰযুক্তিবিদ্যা কোষ স্থাপন সৰ্বাধিক প্ৰয়োজনীয়। অসম চৰকাৰে এ.এছ.টি.ই.চি.ত এটা জৈৱ প্ৰযুক্তিবিদ্যা কোষ স্থাপনৰ বাবে সন্মতি প্ৰদান কৰিছে।

২. উদ্ভিদৰ কলাকৰ্ষণৰ সৈতে এটা জৈৱ-প্ৰযুক্তিবিদ্যা গৱেষণাগাৰ স্থাপন কৰা হৈছে। বিপন্ন উদ্ভিদৰ কলা কৰ্ষণৰ প্ৰক্ৰিয়া প্ৰগতিৰ পথত আগবাঢ়িছে।