মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
সংৰক্ষণ আৰু ব্যৱস্থাপনা

অসম জৈৱ সম্পদ কেন্দ্ৰ

১. ১৯৯৩-৯৪ চনৰ পৰা অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগ সমৰ্থিত ই এটা অবিৰত আঁচনি।
২. স্থান – মদন কামদেৱ, ডাকঘৰ – বাইহাটা চাৰিআলি, জিলা – কামৰূপ, অসম
৩. অসম জৈৱ সম্পদ কেন্দ্ৰৰ মুখ্য উদ্দেশ্যসমূহ হল-
(ক) বিভিন্ন জাৰ্মপ্লাজম বেংক, ভঁৰাল ইত্যাদি স্থাপনৰ জৰিয়তে পূৰ্বস্থলাভিষিক্ত আৰু পূৰ্বস্থলাভিষিক্ত নোহোৱা, দুয়োটা অৱস্থাতেই অৰ্থনৈতিক আৰু পৰিস্থিতিক গুৰুত্ব থকা উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় জীৱ-জন্তু আৰু উদ্ভিদৰ কিছুমান নিৰ্বাচিত প্ৰজাতি সংৰক্ষণ কৰা।
(খ) জীৱ-জন্তু আৰু উদ্ভিদৰ আটাইতকৈ সঠিক আৰু মিতব্যয়ী সংৰক্ষণৰ পদ্ধতিসমূহ সম্পৰ্কে গৱেষণা কৰা।
(গ) উদ্ভিদকূল আৰু প্ৰাণীকূলৰ সৈতে সম্পৰ্কিত অধ্যয়নসমূহ গ্ৰহণ কৰিবলৈ স্নাতকোত্তৰ ছাত্ৰ, পণ্ডিত আৰু গৱেষকসকলক সুবিধা প্ৰদান কৰা।
(ঘ) অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ সম্পদসমূহৰ বিষয়ে তথ্য প্ৰচাৰ কৰা।
৪. ভূমি – ১৯৯৫ চনত অসম চৰকাৰৰ পূৰাতত্ব সঞ্চালকালয়ৰ পৰা বাইহাটা চাৰিআলিৰ ঐতিহাসিক মদন কামদেৱ মন্দিৰৰ ওচৰত, ৫৫ বিঘা মাটি গ্ৰহণ কৰা হৈছে।
৫. আন্তঃগাঁঠনি – অসম আৰ্হিৰ ভৱন – ১৯৯৬-৯৭ চনত ১৮০০ বৰ্গ ফুটৰ ভৱন এটা নিৰ্মাণ কৰা হৈছিল, যিটো অস্থায়ী কাৰ্যালয়, বন সংগ্ৰহালয় আৰু প্ৰকল্প কৰ্মচাৰীসকলৰ বাসস্থান হিচাপে ব্যৱহৃত হৈ আছে।
৬. উদ্ভিদ উদ্যান – কেন্দ্ৰটোৰ ২০ বিঘা মাটি ৬টা সৰু খণ্ডত ভাগ কৰা হৈছে। অৰ্নৈতিক আৰু পৰিস্থিতিক গুৰুত্বসম্পন্ন বিভিন্ন উদ্ভিদৰ প্ৰজাতিক প্ৰতিটো খণ্ডত পৰিচয় কৰোৱা হৈছে আৰু সঠিকভাৱে আপদাল কৰি ৰখা হৈছে। কেন্দ্ৰটোত কিছুমান অধ্যুদ্ভিদীয় অৰ্কিডো প্ৰাকৃতিক পৰিৱেশত আপডাল কৰি ৰখা হৈছে।
৭. বন সংগ্ৰহালয় আৰু সংগ্ৰহালয় – বন সংগ্ৰহালয়ৰ গৃহ সংখ্যা – ১২টা, উদ্ভিদৰ নমুনাৰে সৈতে বন সংগ্ৰহালয় ফলক – ৪০০০খন, সংগ্ৰহালয়ৰ নমুনা সংখ্যা – ৩০০।
৮. সংৰক্ষণাগাৰ – অৰ্কিড সংগ্ৰহালয় – ২টা, ঢেকীয়া জাতীয় উদ্ভিদগৃহ – ১টা, লাঠ গৃহ – ১টা, কুহেলিকা কক্ষ – ১টা, কেকটাছ গৃহ – ২টা, কুহেলিকা কক্ষ – ১টা
৯. কেন্দ্ৰটোত বৰ্দ্ধন হোৱা উদ্ভিদৰ প্ৰজাতিসমূহ – ঔষধজাতীয় উদ্ভিদ – ১৫০টা প্ৰজাতি, বাঁহজাতীয় উদ্ভিদ – ২০টা প্ৰজাতি, কেকটাছ – ১৫টা প্ৰজাতি, অৰ্কিড – ৯৫টা প্ৰজাতি, বেত – ৪টা প্ৰজাতি, অন্য উদ্ভিদ আৰু গুল্ম – ৩২০টা প্ৰজাতি।
১০. বিদ্যুত্ – এটা ২৫ কে.ভি.কে. ট্ৰেন্সফৰ্মাৰ স্থাপনৰ দ্বাৰা আন্তঃগাঁঠনিটো বৈদ্যুতিকীকৰণ কৰা হৈছে।
১১. পৰিদৰ্শক – বাৰ্ষিক ৫০০০তকৈও অধিক সাধাৰণ দৰ্শক আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় ১৫-২০টা ছাত্ৰৰ দল কেন্দ্ৰটো ভ্ৰমণ কৰিবলৈ অহা দেখা যায়।
১২. ইটাৰ চৌহদৰ বেৰ – কেন্দ্ৰটোৰ পশ্চিম দিশত, তিনিটা পৰ্যায়ত ১৩০০ মিটাৰ দীঘল X ২ মিটাৰ উচ্চতাৰ বেৰ নিৰ্মাণ কৰা হৈছে।
১৩. প্ৰভাৱ – (ক) কেন্দ্ৰটোৱে সকলো বৈজ্ঞানিক সংস্থা, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় ইত্যাদিৰ মনোযোগ আকৰ্ষিত কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষক আৰু ছাত্ৰসকলে তেওঁলোকৰ শৈক্ষিক উদ্দেশ্যৰ বাবে নিয়মিতভাৱে কেন্দ্ৰটো পৰিদৰ্শন কৰে। (খ) এই অঞ্চলটোৰ লোকসকলে পৰিবেশ তথা জৈৱ বৈচিত্ৰ্যতাৰ সংৰক্ষণৰ বিষয়ে সজাগ হব ধৰিছে।
১৪. সহযোগী বিভাগ/শিক্ষানুষ্ঠানসমূহ- (ক) পৰিবেশ আৰু বন বিভাগ, অসম চৰকাৰ, (খ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, অসম চৰকাৰ, (গ) জৈৱ সম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠান, মণিপুৰ। (ঘ) পূৰাতত্ব সঞ্চালকালয়, অসম চৰকাৰ, (ঙ) আঞ্চলিক উদ্ভিদ সম্পদ কেন্দ্ৰ, ভূৱনেশ্বৰ, (চ) ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান, লক্ষ্ণৌ, (ছ) ভাৰতৰ উদ্ভিদ সমীক্ষা, কলকাতা (জ) বন গৱেষণা প্ৰতিষ্ঠান, ডেৰাডুন।