মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

গ্ৰামীণ বিদ্যালয়সমূহত মহাবিদ্যালয়ৰ দ্বাৰা বিস্তৃত বিজ্ঞান শিকন

১. এই অনুষ্ঠানটোৱে মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৈজ্ঞানিক ধাৰণা প্ৰোথিত কৰা আৰু বিজ্ঞান বুজি পোৱাত অধীৰতাৰ সৃষ্টি কৰাৰ লক্ষ্য বান্ধি লৈছে। বেছিভাগ বিদ্যালয়ৰেই আন্তঃগাঁঠনি যিহেতু পৰ্যাপ্ত নহয়, গতিকে এয়া উপলব্ধি কৰা হৈছে যে উচ্চ পৰ্যায়ত শিক্ষায়তন সম্প্ৰদায়ৰ দ্বাৰা মধ্যবৰ্ত্তিতাই বিদ্যালয়সমূহত বিজ্ঞানৰ ফালে শিক্ষাক তথা ছাত্ৰসকলক অনুপ্ৰাণিত কৰিব পাৰে আৰু বিজ্ঞানক অধিক ৰোমাঞ্চকৰ সজাব পাৰে। মহাবিদ্যালয়ৰ শিক্ষকসকলক জড়িতকৰণৰ দ্বাৰা গ্ৰামীণ বিদ্যালয়সমূহক অধিক উন্নত আৰু সফল ধৰণে বিজ্ঞানৰ আলোচনা কৰাত সহায় কৰাই হল এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য।

২. এই আঁচনিৰ অধীনত ধেমাজি মহাবিদ্যালয় জে.এন. মহাবিদ্যালয়, বকো মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়, জয়সাগৰ মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছিল।