মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
সংৰক্ষণ আৰু ব্যৱস্থাপনা

জৈৱ খেতি আৰু অসমৰ গ্ৰামীণ মহিলাসকলক জড়িত কৰি উচ্চ গুণসম্পন্ন ঔষধি উদ্ভিদৰ অৰ্ধ-প্ৰক্ৰিয়াকৰণ

১. ২০০০-২০০৩ৰ সময়ছোৱাত ৰূপায়িত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বিজ্ঞান আৰু সমাজ শাখাৰ দ্বাৰা সমৰ্থিত ই এটা ত্ৰিবাৰ্ষিক প্ৰকল্প।
২. মহিলাসকলৰ মাজত সজাগতা সৃষ্টি আৰু তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে ১৯-০৯-২০০১ তাৰিখে প্ৰকল্প ক্ষেত্ৰত এখন সাধাৰণ সভাৰে এই প্ৰকল্পটো আৰম্ভ হৈছিল।
৩. আবণ্টিত প্ৰজাতিসমূহৰ সক্ৰিয় উপাদানসমূহ সংগ্ৰহ কৰা হৈছিল আৰু উদ্যানত চিনাকী কৰি দিয়া হৈছিল।
৪. এখন প্ৰদৰ্শনমূলক ঔষধী বাগিচা স্থাপন কৰা হৈছিল আৰু প্ৰায় ৪ একৰতকৈ অধিক ভূমি, কিছুমান দুষ্প্ৰাপ্য আৰু বিপন্ন প্ৰজাতিকে ধৰি আবণ্টিত ঔষধী উদ্ভিদসমূহৰ খেতিৰ অধীনত আছে।
৫. ৭৫ শতাংশ ছায়াজাল, পকী খুঁটা, বাঁহ আৰু ছাগলী অভেদ্য বেৰেৰে এটা পলিহাউছ তথা নাৰ্চাৰী (আবৃত অঞ্চল – ৪০০ বৰ্গমিটাৰ, দৈৰ্ঘ্য ২০ মিটাৰ, প্ৰস্থ ২০ মিটাৰ, উচ্চতা ২.৫ মিটাৰ)
৬. ওজন জোখা যন্ত্ৰ তথা সা-সঁজুলিসমূহ আহৰণ কৰা হৈছে আৰু এটা পলি ড্ৰাইং কক্ষ নিৰ্মাণ কৰা হৈছে।
৭. নাৰ্ছাৰী তথা উদ্যানখনলৈ পানী যোগানৰ সুবিধা সম্পূৰ্ণ কৰা হৈছে।
৮. চাৰিটা প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু ১০গৰাকী মুখ্য মহিলা প্ৰশিক্ষাৰ্থীকে ধৰি ১০৯গৰাকী মহিলা হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
৯. প্ৰত্যেকগৰাকী হিতাধিকাৰীক তেওঁলোকৰ নিজা খেতিৰ বাবে ঔষধী উদ্ভিদ প্ৰজাতিৰ ১০০টা পুলি যোগান ধৰা হৈছে।
১০. অসমৰ গ্ৰামাঞ্চলত হোৱা ঔষধী উদ্ভিদৰ ব্যৱহাৰৰ ওপৰত স্থানীয় জ্ঞানৰ কিছুমান তথ্য সংগ্ৰহ কৰা হৈছে।
১১. এই প্ৰকল্পৰ অধীনত অৰ্থনৈতিক উন্নয়নৰ বাবে ঔষধী উদ্ভিদৰ খেতি শীৰ্ষক এখন ক্ষুদ্ৰ পুস্তিকা প্ৰকাশ কৰা হৈছে। (প্ৰতিলিপি গাঁঠি দিয়া হৈছে)
১২. সামৰি লোৱা গাঁওসমূহ – হিৰাপাৰা, কুমাৰপাৰা, বৰমূলা-বামুণীগাঁও, গোপেশ্বৰ আৰু আগদল।