মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

পৰিবেশগত তথ্য ব্যৱস্থা (ই.এন.ভি.আই.এছ.)

১. ২০০২ চনৰ পৰা ৰূপায়িত হৈ থকা এ.এছ.টি.ই. পৰিষদৰ পৰিবেশ শাখা আৰু ভাৰত চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত এইটো এটা অবৰত প্ৰকল্প।
২. অসমৰ পৰিবেশ তথ্য ব্যৱস্থাই ২০০২ চনৰ ২৯ আগষ্ট তাৰিখে ই.এন.ভি.আই.এছ.-নোড হিচাপে ইয়াক আৰম্ভ কৰিছিল, যি পাছলৈ ২০০৪ চনৰ জুলাই মাহত কেন্দ্ৰলৈ উন্নীত কৰিছিল।
৩. ২০০৪ চনৰ ২১ জুন তাৰিখে www.envisassam.orgনামৰ চৰকাৰী ৱেবছাইটটো আৰম্ভ কৰা হৈছিল আৰু পাছলৈ (২০০৭-২০১২) www.envisassam.nic.in লৈ ইয়াক পুনৰগঠন কৰা হয় আৰু আকৌ বৰ্তমানৰ তাৰিখত ইয়াক www.asmenvis.nic.inহিচাপে পুনৰগঠন কৰা হৈছে।
৪. কেন্দ্ৰটোৰ মূল কাৰ্য হৈছে অসমৰ পৰিবেশৰ অৱস্থা সন্দৰ্ভত তথ্যভঁৰাল সৃষ্টি, ত্ৰিমাসিক ই.এন.ভি.আই.এছ. সংবাদ পত্ৰ প্ৰকাশ কৰা, কেন্দ্ৰটোৰ ৱেবছাইটটো চলাই থকা, সংবাদপত্ৰ, ৱেবছাইট, কৰ্মশালা, আলোচনাচক্ৰ ইত্যাদিৰ জৰিয়তে ৰাজ্যখনৰ পৰিবেশ সম্পৰ্কীয় বাতৰিসমূহ প্ৰচাৰ কৰা আৰু ৱেব-সক্ষমতাৰ জৰিয়তে পৰিবেশগত বাতৰি সংগ্ৰহ, একত্ৰীকৰণ, সংৰক্ষণ, উদ্ধাৰ আৰু আঁচনি পৰিকল্পনাকাৰী, সিদ্ধান্ত গ্ৰহণকাৰী, গৱেষক, বিজ্ঞানী আৰু সাধাৰণ মানুহ সকলোকে ধৰি সংশ্লিষ্ট সকলোলৈ প্ৰচাৰ।
৫. কেন্দ্ৰটোৱে ২০০২ চনৰ অক্টোবৰত ত্ৰিমাসিক ই.এন.ভি.আই.এছ. অসম সংবাদপত্ৰৰ প্ৰথম খণ্ডটো প্ৰকাশ কৰিছিল, যি বৰ্তমানো প্ৰচলিত হৈ আছে।
৬. এয়া এক কেন্দ্ৰসমূহৰ বিকেন্দ্ৰীভূত ব্যৱস্থা, যিয়ে পৰিবেশৰ অৱস্থা আৰু এই সম্পৰ্কীয় সমস্যা সমূহকে ধৰি বৈজ্ঞানিক, প্ৰায়োগিক আৰু অৰ্ধ-প্ৰায়োগিক তথ্যবাহী বহল পৰিসৰৰ বিষয়সমূহ সামৰি লৈ এটা নিৰ্ধাৰিত তথ্যভঁৰাল উন্নীত কৰিবলৈ আজ্ঞাপ্ৰাপ্ত।
৭. url:http://isbeid.gov.in ত ভাৰতৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰাথমিক পৰিবেশত তথ্যৰ তথ্যভঁৰাল (আই.এছ.বি.ই.আই.ডি.) নামৰ ই এটা ৱেব-সক্ষম পৰিবেশগত তথ্যভঁৰাল। এটা কেন্দ্ৰীভূত চাৰ্ভাৰত তথ্যসমূহ সংগ্ৰহ, সংকলন আৰু প্ৰচাৰ কৰিবলৈ আৰু পৰিবেশগত তথ্য প্ৰচাৰত তেওঁলোকৰ শূণ্যস্থানসমূহ ১৭টা মাপাংক আৰু উপ-মাপাংকত পূৰা কৰিবলৈ তেওঁলোক সংঘবদ্ধ। এম.আই.এছ. ভাগৰ পৰা ব্যৱহাৰকাৰীয়ে উন্নত সন্ধান বিকল্পৰ সহায়ত অতি সহজে আই.এছ.বি.ই.আই.ডি.ৰ তথ্যসমূহ লাভ কৰিব পাৰে।
৮. ২০০০ চনৰ পৰা ই নিজকে ৰাজ্যখনৰ এক গৱেষণা কেন্দ্ৰ, এক সমন্বয়কাৰী গোট আৰু বিভিন্ন ছপা তথা বৈদ্যুতিন মাধ্যমৰ জৰিয়তে পৰিৱেশ সম্পৰ্কীয় তথ্যসমূহ প্ৰচাৰ কৰাৰ এক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বহু প্ৰচেষ্টা কৰি আহিছে।
৯. আজিৰ তাৰিখলৈ পৰায় ৯ লাখ দৰ্শনাৰ্থীৰ তথ্য পঞ্জীয়নভুক্ত হৈ আহিছে।
১০. http://www.facebook.com/ENVIS-Centre-Assam ত থকা ই.এন.ভি.আই.এছ. ফেচবুক পৃষ্ঠাত ই.এন.ভি.আই.এছ.ৰ কাম-কাজ তথা সম্পৰ্কীয় তথ্যসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
১১. পূৰ্বৱৰ্ত্তী বিত্তীয় বৰ্ষসমূহৰ পৰা নতুন পদক্ষেপ কিছুমান গ্ৰহণ কৰা হৈছে- ১. ৱাইপ্ৰৰ আৰ্থিয়ান অনুষ্ঠান, (২) বিভিন্ন প্ৰদৰ্শিত ই.এন.ভি.আই.এছ.ৰ কাৰ্যাৱলীসমূহ প্ৰদৰ্শন কৰা, (৩) অসমৰ মেৰুদণ্ডী প্ৰাণীসমূহৰ তথ্য নিৰ্ণয় আৰু (ঘ) ইণ্টাৰ্ণশ্বিপ অনুষ্ঠান।
১২. ই.এন.ভি.আই.এছ. কেন্দ্ৰই ১৪খন আলোচনাচক্ৰ/কৰ্মশালা/ উন্নতিমুখী অনুষ্ঠান/ অন্যান্য সম্প্ৰসাৰণ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।