মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
আলোচনাচক্ৰ আৰু কৰ্মশালা

২০০৬-২০০৭ চনত অনুষ্ঠিত আলোচনাচক্ৰ, সভা আৰু কৰ্মশালা

১. ২০০৬ চনৰ মে মাহত গুৱাহাটীত ভূমি আৰু পানী পৰীক্ষণৰ ৰাষ্ট্ৰীয় দিকদৰ্শী কৰ্মশালা অনুষ্ঠিত হৈছিল।
২. আই.এছ.বি.ই.আই.ডি. ছফ্টৱেৰ আৰু জি.আই.এছ. মুখামুখি সম্পৰ্কে উৰিষ্যাকে ধৰি সমস্ত উত্তৰ-পূব ৰাজ্যসমূহৰ এখন আঞ্চলিক পৰ্যায়ৰ প্ৰস্তুতিমূলক কৰ্মশালা,২০০৬ চনৰ ২ জুনত গুৱাহাটীত অনুষ্ঠিত হৈছিল।
৩. ২০০৬ চনৰ ৮ নৱেম্বৰত গুৱাহাটীত চৰকাৰ, বেচৰকাৰী সংস্থা আৰু ব্যক্তিসমূহক অন্তৰ্ভুক্ত কৰি পৰিবেশ সম্পৰ্কীয় সমস্যাসমূহক অগ্ৰাধিকাৰ দিবলৈ গুৱাহাটীত এখন ৰাজহুৱা আলোচনা সভা অনুষ্ঠিত হৈছিল।
৪. ২০০৬ চনৰ ১১ আৰু ১২ নৱেম্বৰত ৰাজ্যিক এছ. আৰু টি. পৰিষদ/বিভাগ, গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান আৰু উত্তৰ পূৰ্বাঞ্চলৰ বেচৰকাৰী সংস্থাসমূহৰ পৰিবেশ পানী স্বাক্ষৰতা অভিযান আৰু সংবেদনশীলতাৰ বিষয়ে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰকল্প মন্ত্ৰণা সমিতিৰ এখন সভা অনুষ্ঠিত হৈছিল।
৫. ২০০৬ চনৰ ১৪ ডিচেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বাৰা অসমৰ পৰিবেশৰ অৱস্থা ২০০৪ৰ বিষয়ে প্ৰথমখন চৰকাৰী নথি মুকলি কৰা হৈছিল।
৬. ২০০৭ চনৰ মাৰ্চৰ সময়ছোৱাত মন্থৰ জিলাসমূহৰ নতুন বেচৰকাৰী সংস্থাসমূহৰ বাবে এন.জি.চিৰ পুনৰুজ্জ্বীৱন আৰু ৰূপায়ণ সম্পৰ্কে এখন সভা অনুষ্ঠিত হৈছিল।