মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

বিশ্ব পৰিবেশ দিৱস আৰু অন্যান্য পৰিবেশ সজাগতা কাৰ্য্যসূচীসমূহ

সমস্ত জীৱকূলৰ লগতে মানৱ সভ্যতাক বিপন্ন কৰিব পৰা এক অন্যতম গুৰুত্বপূৰ্ণ উদ্বেগ হল ক্ৰমবৰ্দ্ধমান গোলকীয় উষ্ণতা আৰু এই গ্ৰহটিত জীৱন বহন কৰি ৰখা প্ৰকৃতিৰ সূক্ষ্ম ভাৰসাম্যৰ ওপৰত ইয়াৰ প্ৰভাৱ। মানুহৰ মানসিকতাত এই পৰিবেশৰ সংকটৰ লগতে ইয়াৰ গুৰুত্বতাক প্ৰোথিত কৰাৰ উদ্দেশ্যে, ৰাষ্ট্ৰসংঘই, ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ জৰিয়তে ৫ জুন তাৰিখটোক বিশ্ব পৰিবেশ দিৱস হিচাপে অনুষ্ঠিত কৰি আহিছে, যাতে পৃথিৱীখন অধিক স্বচ্ছ আৰু সেউজীয়া হয়। জৰুৰী পৰিবেশগত সমস্যাসমূহক এক মনুষ্যত্বপূৰ্ণ মুখা প্ৰদান কৰাৰ আন্তঃৰাষ্ট্ৰীয় মূল বিষয়টোৰ সৈতে সংগতি ৰাখি আমাৰ দেশৰ সকলো ৰাজ্যতে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। ই লগতে মানুহক বহনক্ষম আৰু ন্যায়সংগত উন্নয়নৰ সক্ৰিয় প্ৰতিনিধি হবলৈ সবল কৰাৰ চেষ্টা কৰে আৰু মুখ্য পৰিৱেশত সমস্যাসমূহৰ ফালে সম্প্ৰদায়সমূহৰ পৰিৱৰ্তিত মনোভাৱ যে অত্যন্ত গুৰুত্বপূৰ্ণ সেই বুজাবুজি বৃদ্ধি কৰিবলৈ চেষ্টা কৰে তথা অংশীদাৰিত্বক সমৰ্থন কৰে। এই অনুষ্ঠানটোৰ প্ৰাথমিক লক্ষ্য হল পৰিৱেশৰ অৱস্থা সম্পৰ্কে সাধাৰণ মানুহক সংবেদনশীল কৰি তোলা আৰু পৰিবেশগত সমস্যাসমূহৰ সম্পৰ্কে এক উপলব্ধি গঢ়ি তোলা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস তথা অন্যান্য স্থানীয় নিৰ্দিষ্ট পৰিৱেশগত সজগতা অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা। অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা এই প্ৰকল্পটো সমৰ্থিত।