১. ওৱাই.এছ.এ.-০৪ৰ সময়ছোৱাত প্ৰাপ্ত উপদেশ অনুসৰি এটা নিম্ন মূল্যৰ পানী আৰু মাটি পৰীক্ষণ সৰঞ্জামৰ পৰিকল্পনা আৰু উত্পাদন কৰা হৈছে আৰু সংশ্লিষ্ট ৰাজ্যিক সমন্বয়ৰক্ষী সংস্থাসমূহৰ জৰিয়তে ভাৰতৰ সকলো জিলালৈ বিতৰণ কৰা হৈছে।
২. এখন মাল্টিমিডিয়া চি.ডি. আৰু পৰখি নামৰ এখন কাৰ্যক্ৰমণিকা প্ৰযোজনা কৰা হৈছে।
৩. কটন মহাবিদ্যালয়ৰ ৰসায়ন সমাজৰ সক্ৰিয় সহযোগিতাৰে গুৱাহাটীত ২০০৬ চনৰ মে মাহত পানী আৰু মাটি পৰীক্ষণৰ ওপৰত এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হৈছে আৰু এইদৰে সফলভাৱে অনুষ্ঠানৰ সামৰণি পৰিছে।