মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

জনপ্ৰিয় বিজ্ঞানৰ বিষয়সমূহৰ ওপৰত ডি.ভি.ডি. ভঁৰালৰ সৃষ্টি

১. দৃশ্য শ্ৰাৱ্য মাধ্যম হল ভিডিঅ, চি.ডি. ৰোম, অডিঅ ছফ্টৱেৰ ইত্যাদিৰ জৰিয়তে এক সফল ধৰণে বিজ্ঞানৰ ধাৰণা তথা ঘটনাসমূহ প্ৰচাৰ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা। সদ্যহতে অসমত অসমীয়া বা আন ৰাজ্যিক ভাষাসমূহত এক উপভোগ্য ধৰণে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশসমূহ প্ৰচাৰ কৰিবলৈ সৰহ সংখ্যক বৈজ্ঞানিক দৃশ্য-শ্ৰাৱ্য সম্পদ নাই। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ দুই সংস্থা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগৰ ৰাষ্ট্ৰীয় পৰিষদ (এন.ই.এছ.টি.চি.) আৰু বিজ্ঞান প্ৰচাৰে প্ৰধানকৈ ইংৰাজী আৰু হিন্দীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰচাৰৰ বাবে ডিজিটেল ছফ্টৱেৰৰ বিভিন্ন প্ৰকাৰ উত্পাদনৰ জৰিয়তে এই ক্ষেত্ৰত প্ৰশংসনীয় সেৱা আগবঢ়াই আছে। এই আঁচনিৰ জৰিয়তে এই সংস্থাসমূহৰ কিছুমান প্ৰযোজনা স্থানীয় ভাষালৈ ভাষান্তৰ কৰা হব আৰ বৃহত্ সংখ্যক জনসাধাৰণ তথা ছাত্ৰ সম্প্ৰদায়ৰ উপকাৰৰ বাবে বৃহত্ সংখ্যক প্ৰতিলিপি বনোৱা হব। ডিজিটেল বিন্যাসটো ডি.ভি.ডি. ৰূপত হব আৰু ৰাজ্যখনৰ সকলো খণ্ডতে থকা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ (এ.এছ.চি.) (অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা আৰম্ভ হোৱা এক প্ৰকল্প)ত বিতৰণ কৰি দিয়া হব। অতিৰিক্তভাৱে প্ৰত্যেকটো এ.এছ.চি.লৈ টি.ভি. চেট আৰু ডি.ভি.ডি. প্লেয়াৰ যোগান ধৰা হব যাতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগৰ প্ৰাথমিক লক্ষ্য পূৰণ হয়।

২. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত ৪০খন চিনেমা/ তথ্যচিত্ৰ ৭খন ডি.ভি.ডি.ৰ ৰূপত অসমীয়ালৈ ভাষান্তৰ কৰা হৈছে।

৩. কটন মহাবিদ্যালয়ৰ, কটন মহাবিদ্যালয় ৰসায়ন সমাজৰ প্ৰযোজনা ৰসায়ন যাদুকৰী পৃথিৱী – খণ্ড-১ শিৰোনামযুক্ত চি.ডি. এখন ৰাজ্যৰ প্ৰত্যেকটো খণ্ডতে অৱস্থিত সকলো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰতে বিতৰণ কৰা হৈছে।

৪. ৰাজ্যখনৰ প্ৰতিটো খণ্ডতে অৱস্থিত সকলো আৰ্যভট্ট, বিজ্ঞান কেন্দ্ৰলৈ টেলিভিছন ছেট বিতৰণ কৰা হৈছে।