মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
নথি সংৰচনা আৰু তথ্য সেৱা

মেপ শিকন কৰ্মশালা

১. অতি গুৰুত্বপূৰ্ণ দুই ভূ-বিজ্ঞান – ভূগোল আৰু ভূ-তত্বই বিজ্ঞান শিক্ষাৰ অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ এখন ধৰি ৰখিছে। মেপ সজা আৰু তাক অধ্যয়ন কৰাৰ সৈতে সম্পৰ্কিত জ্ঞান হল এই বিজ্ঞানৰ এক অখণ্ড অংশ, যাৰ জৰিয়তে আমি সম্পদ চিহ্নিত কৰিব পাৰো আৰু এক বহনক্ষম প্ৰক্ৰিয়াৰে মানুহ তথা অন্যান্য জীৱকূলৰ উপকাৰৰ বাবে উন্নয়নমূলক কাম-কাজসমূহ পৰিকল্পনা আৰু গঠন কৰিব পাৰো। স্থান বিৱৰণ সম্বন্ধীয় মেপসমূহ হল স্কেলত অংকিত পৃথিৱীৰ উপৰিভগৰ অংসসমূহৰ প্ৰাকৃতিক আৰু মানৱ নিৰ্মিত বৈশিষ্ট্যসমূহৰ ৰৈখিক প্ৰতিনিধিত্ব। এই মেপসমূহে এটা খোলাৰ ভিতৰত ভূমিৰ বিভিন্ন ব্যৱহাৰ আৰু উন্নয়নকে ধৰি ভূ-খণ্ডৰ সম্পূৰ্ণ বৰ্ণনা দিয়ে। তাৰ লগতে এইসমূহ হল সৰু আকাৰত সাধাৰণীকৰণ কৰা মেপৰ লগতে বিশেষীকৃত মেপসমূহৰ বাবে উত্স। যিহেতু বিদ্যালয় পৰ্যায়ত মেপ সজা আৰু অধ্যয়ন কৰাৰ আকৰ্ষণীয় অভ্যাসটো শিকোৱা নহয়, সেয়েহে ক্ষেত্ৰ-ভিত্তিক মেপ শিকন কাৰ্যাৱলীসমূহৰ জৰিয়তে এই বিজ্ঞান শিকাৰ এক প্ৰচেষ্টা চলাই থকা হৈছে। এই আঁচনিৰ অংশ হিচাপে শিক্ষক আৰু জ্যেষ্ঠ ছাত্ৰসকলক টপশ্বীট, ছফ্টৱেৰ, মেপ সজা সা-সঁজুলি আৰু জি.পি.এছ. ইত্যাদিৰ সহায়ত এই ক্ষেত্ৰত বিশেষজ্ঞসকলৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হব। এই প্ৰকল্পটোৰ প্ৰাথমিক লক্ষ্য হল চমুকৈ মেপ শিকনৰ ধাৰণা বিস্তাৰ কৰা আৰু কৌশল সৃষ্টি কৰা যাতে কাৰ্যকলাপত সমৰ্থনৰ জৰিয়তে ইয়াক উন্নয়নমূলক পৰিকল্পনাত ব্যৱহাৰ কৰিব পাৰি। প্ৰকল্পটো অসমৰ এক সক্ৰিয় পৰিবেশগত বেচৰকাৰী সংস্থা নগাঁৱৰ এছ.এছ.ই.এ.ই.পি.ৰ প্ৰায়োগিক সহযোগিতাৰে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য বিভাগৰ দ্বাৰা সমৰ্থিত আৰু উত্সাহিত। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগৰ ৰাষ্ট্ৰীয় পৰিষদৰ বাবে এছ.এছ.ই.এ.ই.পি.ৰ দ্বাৰা মডিউলটো প্ৰস্তুত কৰা হৈছে।

২. মেপ শিকনৰ ওপৰত ইংৰাজী আৰু অসমীয়াত প্ৰকাশিত এটা মডিউলৰ বিকাশ কৰা হৈছে।

৩. অসম ৰাজ্যত ১২খন মেপ-শিকন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।

৪. ৭০০জন শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।