মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
পৰিবেশগত সজাগতা আৰু জৈৱ সম্পদসমূহৰ সংৰক্ষণ
সংৰক্ষণ আৰু ব্যৱস্থাপনা

দীপৰ বিলৰ উন্নযন আৰু ব্যৱস্থাপনা

১. বোকামুক্তকৰণ/জলাশয়ৰ পুনৰোত্পত্তি- দীপৰ বিলৰ কেন্দ্ৰস্থলৰ বাহিৰৰ প্ৰায় ৫০ মিটাৰ প্ৰস্থৰ প্ৰায় ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক অঞ্চল, পৰিষদে বোকামুক্ত কৰিছে। পুনৰোত্পত্তি কৰা অঞ্চলটোৰ উত্তৰ দিশে এটা বান্ধ নিৰ্মাণ কৰি থকা হৈছে আৰু এটা প্ৰধান অংশ ইতিমধ্যে সম্পূৰ্ণ হৈছে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ওচৰৰ নতুনকৈ পুনৰোত্পত্তি কৰা অঞ্চলটোৰ (১৭০০ মিটাৰ) কাষে কাষে বেৰ দিয়া হৈছে। পুনৰোত্পত্তি কৰা অঞ্চলটো কেন্দ্ৰস্থলৰ সৈতে সংযোগকৰণৰ বাবে সাজু হৈছে। ইয়াৰোপৰি, পৰিষদে এই অঞ্চলটোক এটা পৰিবেশ পৰ্যটন কাৰ্যাৱলীৰ বাবে মণ্ডল হিচাপে গঢ়ি তোলাৰ বাবে পৰিকল্পনা কৰি আছে।

২. বিকল্প মাছ ধৰা ক্ষেত্ৰৰ উন্নয়ন – জলাশয়টোৰ কেন্দ্ৰস্থলত ৰাজহুৱা হস্তক্ষেপ হ্ৰাস কৰিবলৈ পৰিষদে জলাশয়টোৰ প্ৰান্তিক অঞ্চলত বিকল্প মাছ ধৰা ক্ষেত্ৰৰ উন্নয়নৰ বাবে প্ৰচাৰ কৰি আছে। ই, মাছমৰীয়া সম্প্ৰদায়ক তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে সমৰ্থন দিয়াত সহায় কৰিব আৰু কেন্দ্ৰস্থলটিৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব। বছৰটোৰ ভিতৰত জলাশয়টোৰ দক্ষিণ প্ৰান্তৰ অঞ্চলটোত এটা মাছ ধৰা মণ্ডল সৃষ্টি কৰা হৈছে আৰু উত্তৰ-পশ্চিম প্ৰান্তিক অঞ্চলত অন্য এটাৰ বাবে কাম-কাজ আৰম্ভ হৈছে।

৩. নলা নিয়ন্ত্ৰণ – ৰাণী-গড়ভাঙ্গা পাহাৰৰ পৰা আহি থকা বোকাসমূহ নিয়ন্ত্ৰণ কৰিবলৈ, নলা নিয়ন্ত্ৰণৰ উপায় কিছুমান আৰম্ভ কৰা হৈছে। এনে ধৰণৰ ছটা নলা নিৰ্মাণ কৰা হৈছে। বোকাৰ সফল নিয়ন্ত্ৰণৰ বাবে এনে ধৰণৰ অধিক নলা নিৰ্মাণ কৰি থকা হৈছে।

৪. পৰ্যবেক্ষণ স্তম্ভ – জলাশয়টোৰ উত্তৰ-পূব অংশৰ ফালে, জলাশয়ৰ বোকামুক্ত সম্প্ৰসাৰিত অঞ্চলটোৰ পাৰত থলুৱা বাঁহ প্ৰযুক্তিৰে এটা ধুনীয়া পৰ্যবেক্ষণ স্তম্ভ নিৰ্মাণ কৰা হৈছে। পৰ্যবেক্ষণ স্তম্ভটোৱে এতিয়া প্ৰকৃতিপ্ৰেমীসকলক জলাশয়টোৰ সৌন্দৰ্য উপভোগ তথা চৰাই পৰিদৰ্শন কৰিবলৈ আকৰ্ষিত কৰি আছে।

৫. পানী বিশ্লেষণ – এয়া এক চলন্ত কাৰ্য আৰু জলাশয়টোৰ প্ৰৱেশপথ আৰু নিৰ্গমন পথৰ ওচৰত ১০ নম্বৰত নিয়মিতভাৱে পানীৰ নমুনা পৰীক্ষা কৰি অহা হৈছে।

৬. অবাঞ্ছিত উদ্ভিদ নিয়ন্ত্ৰণ – পানীৰ ক্ষেত্ৰখনক জলজ প্ৰজাতিসমূহৰ বাবে সুবিধাজনক বাসস্থান হিচাপে অক্ষুণ্ণ ৰখাৰ বাবে অবাঞ্ছিত উদ্ভিদসমূহৰ নিয়ন্ত্ৰণ প্ৰয়োজনীয়। গোটেই বছৰটো জুৰি প্ৰায় ২০০০ বৰ্গমিটাৰ অঞ্চলত অবাঞ্ছিত উদ্ভিদৰ (বিশেষকৈ পানী লিলি/ভেঁট) নিয়ন্ত্ৰণ কৰা হয়।

৭. উদ্ভিদ ৰোপণ – স্থানীয় সম্প্ৰদায়ৰ সহযোগত উদ্ভিদ ৰোপন কৰা হয়। প্ৰায় ৩ হেক্টৰ অঞ্চল বৃক্ষৰোপণ আঁচনিৰ অধীনলৈ অনা হৈছে আৰু যোৱাটো বৰ্ষত ইতিমধ্যে ৰোপিত হোৱা বৃক্ষসমূহ চোৱাচিতা কৰা হৈ আছে।

৮. গাঁওবাসীলৈ খোৱাপানীৰ সুবিধা – জলাশয় ব্যৱস্থাটোৰ এক অভিন্ন অংশ হল স্থানীয় সম্প্ৰদায়সমূহ আৰু তেওঁলোকৰ বাবে সঠিক সামাজিক অৰ্থনৈতিক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সমৰ্থনৰ প্ৰয়োজন। জলাসয়টোৰ আশে-পাশে খোৱাপানীৰ সমস্যাটো এটা গুৰুতৰ সমস্যা। পৰিষদে গোটেই বছৰ জুৰি, গাঁওবাসীৰ বাবে তিনি নম্বৰত খোৱপানীৰ সুবিধা আগবঢ়াইছে।