মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

ৰেডিঅ জ্যোতিৰ্বিদ্যা কেন্দ্ৰ

ৰেডিঅ জ্যোতিৰ্বিদ্যা কেন্দ্ৰ হল গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ সৈতে এ.এছ.টি.ই. পৰিষদৰ এক যুটীয়া প্ৰকল্প আৰু অধ্যাপক এ.তে. গোস্বামীক প্ৰকল্পটোৰ মুখ্য সমন্বয়ক হিচাপে লৈ কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত কাৰ্যনিৰ্বাহ কৰি আহিছে। এই প্ৰকল্পটোৰ অধীনত এটা ২ মিটাৰ চলাৰ ট্ৰেকিং ৰেডিঅ দূৰবীক্ষণৰ দ্বাৰা ২.৮ GHzত S-বেণ্ডত সৌৰ প্ৰবাহৰ মান নথিভূক্ত কৰা হয়।কেন্দ্ৰটোৰ সতে জড়িত বৈজ্ঞানিক, গৱেষক আৰু ছাত্ৰসকলে তেওঁলোকৰ জ্ঞান আৰু সক্ষমতা বৃদ্ধিৰ বাবে প্ৰাথমিক নভোপদাৰ্থবিদ্যা, ৰেডিঅ জ্যোতিৰ্বিদ্যা আৰু mm তৰঙ্গ প্ৰচাৰণৰ ওপৰত কলিকতাৰ ৰেডিঅ জ্যোতিৰ্বিদ্যাৰ পূৰ্বদেশীয় কেন্দ্ৰ (ই.চি.আৰ.এ.)ত অনুষ্ঠিত ভালেমান প্ৰশিক্ষণ অনুষ্ঠান, কৰ্মশালাত অংশগ্ৰহণ কৰি আহিছে। তথ্য আহৰণৰ বৰ্তমান ব্যৱস্থাটো তালিকা নথীভূক্তকৰণৰ ওপৰত আধাৰিত, যিটো লেহেমীয়া আৰু কম উপযুক্ত। ব্যৱস্থাটো ডিজিটেল ৰূপত কম্পউটাৰ আধাৰিত তথ্য লিপিবদ্ধকৰণ কৌশলেৰে উন্নীত হৈ আহিছে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত গৱেষণা আৰু প্ৰায়োগিক দিকদৰ্শী কাৰ্যাৱলীৰ প্ৰচুৰ পৰিসৰেৰে এয়া হল ৰেডিঅ জ্যোতিৰ্বিদ্যাৰ একমাত্ৰ সুবিধা। এই কেন্দ্ৰটোৰ দ্বাৰা নথিভুক্ত সৌৰ ৰেডিঅ তথ্যসমূহ কলকাতাৰ ৰেডিঅ জ্যোতিৰ্বিদ্যাৰ পূৰ্বদেশীয় কেন্দ্ৰৰ সৈতে আলোচনাৰ জৰিয়তে বিশ্লেষিত হৈ আহিছে।

কেন্দ্ৰটোৰ দ্বাৰা S-বেণ্ডত সংগৃহীত তথ্য তলত দিয়া পৰিঘটনাসমূহ অধ্যয়ন আৰু মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা হব।

অতি বেঙুনীয়া ৰেডিঅ নিৰ্গমনৰ প্ৰাবল্য, আভা চক্ৰৰ অৱস্থান্তৰ, সৌৰকলঙ্কৰ সংখ্যা আৰু আভা প্ৰাবল্যৰ মাজত সহসম্বন্ধ, সূৰ্যৰ বিভিন্ন তৰপৰ উষ্ণতা, বায়ু মণ্ডলৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি নথিভুক্ত তথ্যসমূহৰ প্ৰাবল্যতাৰ বিভিন্নতা, বায়ুমণ্ডলৰ সহযোগ্যতাৰে শোষণক্ৰিয়া, আনুষঙ্গিক আভা আৰু ইয়াৰ পৰ্যায়সমূহৰ সময় নিৰ্ধাৰণ, এবছৰত আভাসমূহৰ প্ৰাৱল্যতাৰ বিভিন্নতাৰ নিৰ্ধাৰণ, সৌৰ বিস্ফোৰণৰ আৱিস্কাৰ, সূৰ্যৰ আভা আৰু সৌৰ বিস্ফোৰণৰ মাজত সহ-সম্বন্ধ।