মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

বিজ্ঞান জনপ্ৰিয়কৰণ (সাধাৰণ আৰু পাৰ্বত্য অঞ্চল)

এই আঁচনিৰ অধীনত অসমৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত বৈজ্ঞানিক মানসিকতা উন্নয়নৰ বাবে আৰু বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে প্ৰদৰ্শনী, ক্ষেত্ৰ শিবিৰ, কৰ্মশালা, জনপ্ৰিয় কথা-বাৰ্তা, সাৰ্বজনীন সমাবেশ ইত্যাদিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

গৃহীত কাৰ্যসূচীসমূহ

  • ২০০৫ চনৰ ১০ ছেপ্তেম্বৰ তাৰিখে কাৰ্বি আংলঙৰ ডিফুৰ চেৰাপ চেৰৈ (সহায়কাৰী হাত)ৰ দ্বাৰা কাৰ্বি আংলঙৰ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰদৰ্শনী, বিজ্ঞান জনপ্ৰিয়কৰণৰ আলোচনাচক্ৰ ইত্যাদিৰ দৰে এলানি কাৰ্যসূচী অনুষ্ঠিতকৰণৰ দ্বাৰা এদিনীয়া বিজ্ঞান জনপ্ৰিয়কৰণ অনুষ্ঠান আয়োজিত হৈছিল।
  • নগাঁৱৰ লামডিঙৰ ঘৰোৱাৰ দ্বাৰা কাৰ্বি আংলঙৰ বৰলাং পাহাৰ/চটালাং পাহাৰ অঞ্চলত দুৰ্বল শ্ৰেণী তথা গ্ৰামীণ উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰকল্পৰ ওপৰত কৰ্মশালা তথা আলোচনাচক্ৰ অনুষ্ঠিত হৈছিল।
  • কাৰ্বি আংলঙৰ চেৰাপ চেৰৈৰ দ্বাৰা কাৰ্বি আংলঙত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিজ্ঞান জনপ্ৰিয়কৰণ।
  • কাৰ্বি আংলঙৰ দুৰ্বল শ্ৰেণী আৰু গ্ৰামীণ উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পৰ ওপৰত কৰ্মশালা তথা আলোচনাচক্ৰ।
  • চেৰাপ চেৰৈৰ দ্বাৰা কাৰ্বি আংলঙৰ পাহাৰীয়া জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিজ্ঞান জনপ্ৰিয়কৰণ।
  • উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু কাৰ্বি আংলং জিলাৰ দ্বাৰা এন.চি.এছ.চি.ৰ জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সমাৰোহত অংশগ্ৰহণ।
  • গুৱাহাটীৰ প্ৰাগজ্যোতিষ অপেছাদাৰী সংস্থাৰ দ্বাৰা টিয়ক, যোৰহাট আৰু শিৱসাগৰত আকাশ পৰ্যবেক্ষণ অনুষ্ঠান অনুষ্ঠিত।
  • নগাঁৱৰ এছ.এছ.ই.এ.পি.ই.ৰ দ্বাৰা উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ঔদ্যোগিকীকৰণ উন্নয়ন অনুষ্ঠানমুখী, বিশেষ সমস্যা চিহ্নিতকৰণ আৰু সজাগতা শিবিৰৰ ওপৰত সমীক্ষা অনুষ্ঠিত হৈছিল।