মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

কৃৰ্তিস্বত্ব তথ্য কেন্দ্ৰ

উদ্ভাৱকসকলক তেওঁলোকৰ বুদ্ধিগত সমলৰ অধিকাৰৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰিবলৈ নতুন দিল্লীস্থ ভাৰত চৰকাৰৰ, বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ পূৰ্বানুমান আৰু মূল্যায়ন পৰিষদৰ (চি.আই.এফ.এ.চি.), প্ৰযুক্তিবিদ্যা বাৰ্তাৰ স্বত্ব সাহায্য কেন্দ্ৰৰ সহযোগিতাৰে গুৱাহাটীত এই কেন্দ্ৰটো স্থাপিত হৈছে। ২০০৩ নচৰে পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্প্ৰদায়ৰ মাজত কৃৰ্তিস্বত্ব সম্পৰ্কীয় সেৱাসমূহ প্ৰদান কৰিবৰ বাবে কেন্দ্ৰটোৱে সেৱা কেন্দ্ৰ হিচাপে কাৰ্য আৰম্ভ কৰিছে।

                                                         

উদ্দেশ্যসমূহ-

  • অসম ৰাজ্য আৰু ইয়াৰ আশ-পাশৰ অঞ্চলটোত বুদ্ধিগত সমলৰ অধিকাৰ, বিশেষকৈ কৃৰ্তিস্বত্বসমূহৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা আৰু ৰাজ্যখন আৰু ইয়াৰ আশে-পাশে বিশ্ববিদ্যালয়, উদ্যোগ, চৰকাৰী বিভাগ আৰু গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানৰ বাবে কৃৰ্তিস্বত্ব অন্বেষণ সক্ৰিয় কৰা।
  • কৃৰ্তিস্বত্বৰ তথ্য নিয়মীয়াভাৱে বিশ্লেষণ কৰা আৰু নে তথ্যৰ ভিত্তিত গৱেষণা আৰু উন্নয়নৰ বাবে নতুন অনুষ্ঠানৰ পৰামৰ্শ আগবঢ়োৱা।
  • উদ্ভাৱকসকলক তেওঁলোকৰ উদ্ভাৱনৰ স্বত্ব আৰোপৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰা।

গৃহীত কাৰ্যকলাপসমূহ-

  • কেন্দ্ৰটোৱে ৰাজ্যখনৰ উত্পাদকসকল, শিক্ষায়তনিক বিষয়া আৰু গৱেষণা তথা উন্নয়ন প্ৰতিষ্ঠানসমূহৰ সৈতে আলোচনা মৰ্মে কিছুমান সামগ্ৰীক জি.আই. হিচাপে পঞ্জীয়ন কৰাৰ বাবে চিহ্নিত কৰিছে আৰু এখন সম্ভাৱ্য তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। ৰাজ্যখনৰ জি.আই.ৰ প্ৰথম ঘটনা হিচাপে মুগা ৰেচমক অন্বেষণ কৰি থকা হৈছে আৰু ভাৰত চৰকাৰৰ জি.আই.ৰ আৰ্হি অনুসৰি তথ্য সংগ্ৰহ কৰা হৈছে আৰু তাক নথিভূক্তকৰণৰ বাবে প্ৰক্ৰিয়াকৰণ কৰা হৈছে।
  • ৰাজ্যখনৰ জি.আই. সম্পৰ্কীয় বিষয়সমূহৰ বাবে পি.আই.চি.-অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদক এক সংযোগী কাৰ্যকলাপৰ স্থল হিচাপে গঢ়ি তুলিবলৈ পৰিষদে অস চৰকাৰক পি.আই.চি.-অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদক ইয়াৰ বাবে এক সংযোগী সংস্থা হিচাপে অধিসূচিত কৰিবৰ বাবে অনুৰোধ কৰিছে যি অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা গ্ৰহণ কৰা হৈ আছে।
  • নতুন দিল্লীৰ এন.আই.এছ.চি.এ.আই.আৰ.ৰ পৰা বুদ্ধিগত সমলৰ অধিকাৰৰ পত্ৰিকাৰ দ্বাৰা কেন্দ্ৰটোক সেৱা আগবঢ়াই থকা হৈছে।
  • চেন্নাইৰ ভৌগোলিক সূচনা নিবন্ধনৰ পৰা ভৌগোলিক সূচনাৰ পত্ৰিকাৰ দ্বাৰা কেন্দ্ৰটোক সেৱা আগবঢ়াই থকা হৈছে।
  • কেন্দ্ৰটোক আই.পি.আৰ.ৰ ওপৰত, আই.পি.আৰ. গ্ৰহণৰ বাবে প্ৰাথমিত তথ্য আৰু পৰামৰ্শাৱলী সহ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে এখন পুস্তিকাৰ দ্বাৰা কেন্দ্ৰটোক সেৱা আগবঢ়াই থকা হৈছে, যিখন সাৰ্বজনীন প্ৰচলনৰ বাবে কেন্দ্ৰটোৰ দ্বাৰা প্ৰকাশিত হৈছে।
  • অষ্ট্ৰিয়াৰ ইউৰোপীয়ান স্বত্ব কাৰ্যালয়ত গ্লোবেল পাট আৰু নতুন দিল্লীৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰযুক্তিবিদ্যা তথ্য পূৰ্বানুমান আৰু মূল্যায়ন পৰিষদৰ একাস্ব A আৰু B ৰ দৰে স্বত্বৰ তথ্য ভঁৰালসমূহৰ দ্বাৰা কেন্দ্ৰটোক সেৱা আগবঢ়াই থকা হৈছে।
  • দহটা উদ্ভাৱনৰ বাবে কেন্দ্ৰটোৱে স্বত্বৰ সন্ধান পৰিচালনা কৰিছে।
  • কেন্দ্ৰটোৱে কটন মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগ, গুৱাহাটীৰ এল.চি.বি. মহাবিদ্যালয়, গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, বকোৰ জে.এন. মহাবিদ্যালয়, নলবাৰীৰ এম.এন.চি.বি. মহাবিদ্যালয় আৰু মৰিগাঁৱৰ বিহুতলীত ৮ টা আই.পি.আৰ. সজাগতা শিবিৰ সফলভাৱে অনুষ্ঠিত কৰিছে।।
  • পি.আই.চি.ৰ ওপৰত গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ’ই এটা ২০ মিনিটজোৰা অনুষ্ঠান সম্প্ৰচাৰ কৰিছে।
  • ৰাজ্যখনৰ সমগ্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান আৰু সেইবোৰৰ কাৰ্যকলাপৰ অংশ হিচাপে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই পি.আই.চি. আৰু ইয়াৰ কাৰ্যকলাপ সম্পৰ্কে এক অনুষ্ঠান প্ৰচাৰ কৰিছে।
  • গৱেষণা আৰু উন্নয়নৰ লক্ষ্যৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ স্বত্বসমূহৰ ওপৰত অনলাইন আৰু চি.ডি. ভিত্তিক সন্ধান চলাই থকা হৈছে।