মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান

পৰিষদৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শাখাই স্থান বিশেষ সমস্যা, প্ৰায়োগিক প্ৰকৃতি আদিৰ সতে সম্পৰ্কিত নিৰ্বাচিত ক্ষেত্ৰসমূহ আৰু কৃষি, উদ্যান কৃষি, ৰেচম, স্বাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰত উদ্ভূত ক্ষেত্ৰসমূহত গৱেষণা আৰু উন্নয়ন অনুষ্ঠান আৰম্ভ কৰিছে আৰু সমৰ্থন কৰি আহিছে। এই আঁচনিৰ অধীনত বিজ্ঞান আৰু অভিযান্ত্ৰিকত বিশুদ্ধ আৰু বুনিয়াদী গৱেষণা সমৰ্থন কৰা হৈছে। এই বিভাগৰ জৰিয়তে তলত দিয়া প্ৰকল্পসমূহ সমৰ্থিত হয়।

  • গুৱাহাটী, আই.এ.এছ.এছ.টি.ৰ জীৱন বিজ্ঞান শাখাৰ দ্বাৰা অসমৰ অবিভক্ত কামৰূপ জিলাত উপলব্ধ খাদ্য-সামগ্ৰীসমূহৰ জৰিয়তে কৃত্ৰিম ৰঙৰ শোষণৰ বাবে হোৱা শংকাৰ পৰিমাপ
  • অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ এ.আৰ.এছ.এ.চি.ৰ দ্বাৰা গুৱাহাটী মহানগৰৰ ভিতৰত বৃক্ষৰাজিৰে আৱৰা প্ৰগতিশীল মেপ সজা আৰু বনানীকৰণ স্থান।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ দ্বাৰা নিৰ্দিষ্ট ভেঁকুৰ আৰু অনুজীৱ ব্যৱহাৰ কৰি বিভিন্ন পদাৰ্থত উচ্চ এলকহল জাতীয় পদাৰ্থৰ পৰিমাণ নিৰূপণ কৰা।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা অসমৰ জলাশয়সমূহৰ পৰা বৃহত্ ধাতু প্ৰদূষকসমূহ আঁতৰকৰণত কিছুমান জলজ উদ্ভিদৰ ব্যৱহাৰিতাৰ অন্বেষণ।
  • গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ দ্বাৰা ফিজন ট্ৰেক ডেটিং পদ্ধতিৰ সহায়ত খনিজ শিলসমূহৰ বয়স আৰু ফটো পাৰমাণবিক ইমালচনত উচ্চ শক্তিসম্পন্ন মিথষ্ক্ৰিয়াৰ অধ্যয়ন।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱন বিজ্ঞান বিভাগৰ দ্বাৰা ঔষধী গছৰ জাৰ্ম প্লাজম ভাণ্ডাৰ – বংশবৃদ্ধি কেন্দ্ৰ স্থাপন।
  • গুৱাহাটীৰ এল.চি.বি. মহাবিদ্যালয়ৰ বৈদ্যুতিন বিভাগৰ দ্বাৰা ডিজিটেল ঘড়ীৰ সৈতে একীভূত এটা প্ৰগ্ৰেমেবল ইলেকট্ৰনিক ৰিংগাৰৰ আৰ্হি নিৰ্মাণ।