ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৃষ্ঠপোষকতাৰ অধীনত কলকাতাৰ কেন্দ্ৰীয় গ্লাছ আৰু চেৰামিক গৱেষণা প্ৰতিষ্ঠানৰ সহযোগিতাৰে প্ৰদৰ্শনমূলক উদ্দেশ্যেৰে অসমৰ গুৱাহাটীৰ বেলতলাৰ শান্তি সাধনা আশ্ৰমত এটা আৰু গুৱাহাটীৰ জি.এছ. ৰোডৰ এ.এছ.টি.ই. পৰিষদ প্ৰাঙ্গনত অন্য এটা সৰ্বমুঠ দুটা আইৰণ আঁতৰকৰণৰ কুঠী স্থাপনৰ কাম আৰম্ভ হৈছে।