মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

কৌশল সৃষ্টিৰ বাবে প্ৰশিক্ষণ অনুষ্ঠান

অসমৰ বিভিন্ন ঠাইত কৌশলী ব্যক্তি সৃষ্টি কৰিবলৈ পৰিষদে বিভিন্ন অনুষ্ঠান ৰূপায়িত কৰিছে। ঔদ্যোগিক আৰু বাণিজ্যিক উদ্যোগসমূহৰ বিকাশৰ বাবে এয়া হল এক প্ৰাথমিক প্ৰয়োজন, যিয়ে ইতিমধ্যে থকা আৰু প্ৰস্তাৱিত ঔদ্যোগিক আৰু বাণিজ্যিক অনুষ্ঠানসমূহত নিবনুৱা যুৱক-যুৱতীৰ বাবে নিয়োগৰ সুবিধা মুকলি কৰিছে। এই আঁচনিৰ অধীনত কিছুমান প্ৰধান কাৰ্যকলাপ হল-

  • নগাঁৱৰ এছ.এছ.ই.এ.ই.পি.ৰ দ্বাৰা উত্তৰ কাছাৰ পাৰ্বত্য জিলাত কৌশল গঠন অনুষ্ঠানৰ ফালে অগ্ৰসৰ হোৱা নিৰ্দিষ্ট সমস্যা চিহ্নিতকৰণ আৰু সজাগতা শিবিৰৰ ওপৰত সমীক্ষা চলোৱা হৈছিল।
  • গুৱাহাটীৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ চামৰাৰ সামগ্ৰী আৰু বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰত চামৰাৰ সামগ্ৰী আৰু বস্ত্ৰ নিৰ্মাণত ছগৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছিল।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ জৰিয়তে স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কলাকৰ্ষণৰ ওপৰত প্ৰশিক্ষণ অনুষ্ঠান।