মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

পদাৰ্থ বিজ্ঞানৰ পৃথিৱী বৰ্ষ-০৫ সম্পৰ্কে মাণ্ডলিক পৰ্যায়ৰ বিশেষ সমল ব্যক্তিসকলৰ প্ৰশিক্ষণ অনুষ্ঠান

ৰাষ্ট্ৰসংঘই ২০০৫ বৰ্ষটোক ছাৰ এলবাৰ্ট আইনষ্টাইন, যিয়ে ১৯০৫ চনত আপেক্ষিকতাবাদৰ সূত্ৰ, ব্ৰাউনিয়ান গতি আৰু ফটো ইলেকট্ৰিক ইফেক্ট –এই তিনিটা উল্লেখযোগ্য আৱিস্কাৰ কৰিছিল, তেখেতৰ স্মৃতিত শ্ৰদ্ধা জনাই পদাৰ্থ বিজ্ঞানৰ পৃথিৱী বৰ্ষ হিচাপে ঘোষণা কৰিছে। আপেক্ষিকতাবাদৰ সূত্ৰক মানৱ মনৰ আটাইতকৈ মহান সৃষ্টিসমূহৰ ভিতৰত অন্যতম এটা হিচাপে বিবেচনা কৰা হয়, যিয়ে মহাকাশ আৰু সময়ক সঁচা অৰ্থত বুজিবলৈ সহায় কৰাৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি বিধানত সহায় কৰিছে। সমগ্ৰ পৃথিৱীজুৰি ছাত্ৰ সমাজৰ বৰ্তমান প্ৰজন্মৰ দ্বাৰা প্ৰাথমিক বিজ্ঞানৰ অধ্যয়নৰ এক নিম্নগামী প্ৰৱণতা দেখিবলৈ পোৱা গৈছে, যি আহিবলগীয়া সময়ত মানৱ জাতিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে এক ঋণাত্মক চিহ্ন। এই প্ৰৱণতাক পৰিৱৰ্তন কৰা প্ৰয়োজন আৰু সেয়েহে ৰাষ্ট্ৰসংঘই ইয়াক প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে, মানৱ জীৱনৰ সকলো দিশতে পদাৰ্থ বিজ্ঞান আৰু শাৰিৰীক বিজ্ঞানৰ গুৰুত্বৰ বিষয়ে বিশ্বৰ জনসাধাৰমৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ২০০৫ বৰ্ষটোক পদাৰ্থ বিজ্ঞানৰ বিশ্ব বৰ্ষ হিচাপে ঘোষণা কৰিছিল।

বিশেষজ্ঞ সমল ব্যক্তিসকলক তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্যসমূহলৈ বিশ্ব পদাৰ্থ বিজ্ঞান বৰ্ষৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ আগুৱাই নিয়াৰ প্ৰশিক্ষণ দিবলৈ এই কৰ্মশালাখন অনুষ্ঠিতকৰণত এ.এছ.টি.ই. পৰিষদ আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, বিজ্ঞান প্ৰচাৰ, ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰদ্যোগিকী সঞ্চাৰ পৰিষদৰ দ্বাৰা প্ৰচেষ্টা হাতত লোৱা হৈছিল।

উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ বাবে বিশ্ব পদাৰ্থ বিজ্ঞান বৰ্ষ-২০০৫ৰ মাণ্ডলিক পৰ্যায়ৰ বিশেষজ্ঞ সমল ব্যক্তি প্ৰশিক্ষণ অনুষ্ঠান তথা কৰ্মশালাখন

২০০৫ চনৰ ১৫-১৭ জুন সময়ছোৱাত পানবজাৰৰ ভাৰত অভিযন্তাৰ প্ৰতিষ্ঠান ভৱনত অনুষ্ঠিত হৈছিল। কৰ্মশালা তথা প্ৰশিক্ষ অনুষ্ঠানটো বিশ্ব পদাৰ্থ বিজ্ঞান বৰ্ষৰ বাবে ৰাজ্যিক পৰ্যায়ৰ কাৰ্যকলাপসমূহৰ বাবে বিশেষজ্ঞ সমল ব্যক্তিসকলক প্ৰশিক্ষণ দিবলৈ অনুষ্ঠিত কৰা হৈছিল। এয়া আছিল নতুন দিল্লীস্থ বিজ্ঞান প্ৰচাৰ, আৰ.ভি.পি.এছ.পি. (এন.চি.টি.চি.), নতুন দিল্লী আৰু গুৱাহাটীৰ এ.এছ.টি.ই. পৰিষদৰ যুটীয়া প্ৰচেষ্টা আৰু আৰু আৰ.ভি.পি.এছ.পি.ৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা হৈছিল। কৰ্মশালাখনত অসম, নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰাৰ ৪৫জন বিশেষজ্ঞ সমল ব্যক্তি উপস্থিত আছিল।

কাম-কাজসমূহ মসৃণভাৱে পৰিচালনা কৰিবৰ বাবে অসমৰ ২৭খন জিলাত ৯টা থূপ সৃষ্টি কৰি (প্ৰতিটো থূপতে তিনিখনকৈ জিলা অন্তৰ্ভুক্ত কৰা হৈছিল), ৰাজ্যিক পৰ্যায়ৰ অনুসৰণকাৰী কাৰ্যকলাপ অনুষ্ঠিত কৰা হৈছিল।