মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস

সমগ্ৰ ৰাজ্যজুৰি প্ৰতি বছৰৰ ১১ মে তাৰিখে ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস, প্ৰযু্ক্তিগত সফলতাসমূহ স্মৰণ কৰিবলৈ উদযাপন কৰা হয়, যত পোখৰাণত এলানি নিয়ন্ত্ৰিত পৰীক্ষণৰ জৰিয়তে কৰা পাৰমানৱিক অস্ত্ৰ প্ৰযুক্তিবিদ্যাৰ নিয়ন্ত্ৰণ, থলুৱাভাৱে সৃষ্ট ত্ৰিশূল মিছাইলৰ পৰীক্ষামূলক চালনা আৰু থলুৱ বায়ুজান হংস-৩ৰ পৰীক্ষামূলক উৰণ অন্তৰ্ভুক্ত হৈ আছে। এটা একক দিৱসত এইসমূহ বিভিন্ন আৰু তাত্পৰ্যপূৰ্ণ সফলতাই এক কথাত ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ পুনৰুত্থানক সূচায়। এই দিৱস সংস্থাসমূহৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰদৰ্শনী, প্ৰযুক্তিবিদ্যাৰ জনপ্ৰিয় বক্তৃতা তথা প্ৰদৰ্শনী, তৰ্ক অনুষ্ঠান, আলোচনাচক্ৰ, সন্মিলন, প্ৰযুক্তিবিদ্যা তথ্যৰ যোগাযোগৰ লোকস্বৰূপ, স্লাইড, ফিল্ম প্ৰদৰ্শনী, ৰেডিঅ’/টিভিৰ অনুষ্ঠান ইত্যাদিৰ দৰে কাৰ্যকলাপ উদযাপন কৰা হয়, যাৰ লক্ষ্য হল বৈজ্ঞানিক/প্ৰযুক্তিবিদ্যাগত প্ৰতিষ্ঠান, বৃত্তিমূলক সমাজ, শিক্ষানুষ্ঠান আৰু উদ্যোগসমূহৰ দ্বাৰা সমাজৰ সকলো খণ্ডৰ মাজত বৈজ্ঞানিকীকৰণ। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ পৰিষদৰ পৃষ্ঠপোষকতাৰে ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস অনুষ্ঠানসমূহ অনুষ্ঠিতকৰণত বিভিন্ন বৈজ্ঞানিক/প্ৰযুক্তিবিদ্যাগত প্ৰতিষ্ঠান/অভিযান্ত্ৰিক মহাবিদ্যালয়, বেচৰকাৰী সংস্থা আৰু অন্যান্য সংস্থআসমূহৰ সৈতে মূল বিষয়ৰ প্ৰতি উত্সৰ্গীকৃত বিদ্যালয়, মহাবিদ্যালয়, পলিটেকনিক, অভিযান্ত্ৰিক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অনুষ্ঠানসমূহ, কৃষি বিজ্ঞান কেন্দ্ৰ, বিজ্ঞআন কেন্দ্ৰ, বেচৰকাৰী সংস্থাসমূহ আৰু অন্যান্যসমূহক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস উদযাপিত হয়।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস উদযাপন কৰা সংস্থা/প্ৰতিষ্ঠানসমূহ আৰু বেচৰকাৰী সংস্থাসমূহ হৈছে-

ডিক্ৰং উপত্যকা পৰিৱেশ আৰু গ্ৰামীণ উন্নয়ন সমাজ (ডি-ভি.ই.আৰ.ডি.এছ.), ১নং বৰপথাৰ, গোঁসাইবাৰী, লখিমপুৰ; শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, শিৱসাগৰ; প্ৰকৃতি উন্নয়ন আৰু গৱেষণা প্ৰকল্প সংস্থা, জনপথ, ফাৰ্ম গেট, খানাপাৰা, গুৱাহাটী-২২; পদাৰ্থ বিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ-২৮; শিশু বিজ্ঞান একাডেমী, ধেমাজি জিলা সমিতি, প্ৰযত্নে ধেমাজি ৰাজহুৱা বিদ্যালয়, ধেমাজি; ৰণদিয়া যুৱ কেন্দ্ৰ, ৰঙিয়া, বিদ্যাপুৰ, গান্ধী পথ, কামৰূপ-৭৮১৩৫৪; বৰদৈচিলা উন্নয়ন সমিতি, জহা, পূব কালাকুছি, নলবাৰী-৫৪, প্ৰয়াস, পিতাম্বৰ হাট, বজালী, কামৰূপ-৭৮১৩৫৪, স্কৰপিঅ, পানবজাৰ, গুৱাহাটী, সদৌ অসম মাধ্যমিক বিদ্যালয়, শিক্ষক সংস্থা, ধুবুৰী; সম্প্ৰদায় সম্পদ ব্যৱস্থাপনা সেৱা, উত্তৰ কাছাৰ পাৰ্বত্য জিলা; ভাৰত জন বিজ্ঞান যাত্ৰা, জিলা অনুষ্ঠিতকৰণ সংস্থা, তিনিচুকীয়া, গান্ধী নগৰ, মাকুম; বাহনা মহাবিদ্যালয়, বাহনা, যোৰহাট-৭৮৫১০১; যোৰহাট জিলা শিশু বিজ্ঞান সমাৰোহ, যোৰহাট-১; একাডেমি সৰ্বাইবন্ধা, ৱাৰ্ড নং-১৪, যোৰহাট; পৃথিৱী, ৰঙিয়া, কামৰূপ, ৱাৰিঅৰ ত্ৰিবেণী পথ, ভাস্কৰ নগৰ, গুৱাহায়ী-১; কাৰ্বি আংলং আঞ্চলিক উন্নয়ন সমিতি, চকীহোলা, কাৰ্বি আংলং; ৰসায়ন বিজ্ঞান বিভাগ, ৰঙিয়া মহাবিদ্যালয়, ৰঙিয়া, কামৰূপ; পূব কামৰূপ কলেজ চায়েন্স ফৰাম, পূব কামৰূপ কলেজ, বাইহাটা চাৰিআলি, কামৰূপ; কটন মহাবিদ্যালয়, পানবজাৰ, গুৱাহাটী; খেৰণি ছোৱালী হাইস্কুল, খেৰণি-৭৮২৪৪৮, কাৰ্বি আংলং; মানৱ বিকাশ ছচাইটী, সোণাইবেৰা, আলিতাঙ্গনি, নগাঁও, এ.এছ.এছ.এ, প্ৰযত্নে পদাৰ্থ বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়; ব্যুৰো অব ইঞ্জিনীয়াৰ্ছ চাইণ্টিষ্ট টেকনেলজীষ্ট ফৰ ডেভেলপমেণ্ট অৱ নৰ্থ ইষ্ট ৰিজন, (উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে অভিযন্তা, বিজ্ঞানী, প্ৰযুক্তিবিদৰ কাৰ্যালয়), বাঘৰবড়ী পথ, পঞ্জাবাৰী, গুৱাহাটী-৩৭; জন প্ৰগতি, জখলাবন্ধ-৭৮২১৩৬, নগাঁও; লখিমপুৰ ছোৱালী মহাবিদ্যালয়, উত্তৰ লখিমপুৰ; এ.এছ.টি.এইছ.এ (আস্থা), বিশ্বনাথ চাৰিআল, শোণিতপুৰ ৭৮৪১৭৬; ৰসায়ন বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়; জন বিকাশ, পুঠিমাৰী, কামৰূপ; ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়, গুৱাহাটী; অসম বিজ্ঞান মহাসভা সংস্থা, উত্তৰ লখিমপুৰ, টিয়ক হাইস্কুল, তিয়ক, যোৰহাট; অনুভৱ কলা কেন্দ্ৰ, ন-আলি, ঢেকিয়াজুলি, যোৰহাট; প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, তৰাজান, যোৰহাট, চি.অ.আৰ.ডি. (কোৰ্ড). চপাই, মঙলদৈ, দৰং; গ্ৰাম্য স্ব-নিয়োজন সন্থা, ঘগ্ৰাপাৰ, নলবাৰী; জামুগুৰি আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়, কুঁৱৰী পুখুৰী, যোৰহাট; অসম বিজ্ঞান সমাজ, পিচলা শাখা, লখিমপুৰ; অসম লিখক সন্থা, পল্টন বজাৰ, গুৱাহাটী, অসম অভিযান্ত্ৰিক মমহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্থা, জালুকবাৰী, গুৱাহাটী; ছায়েন্স কমিউনিকেটৰছ ফৰাম, নলবাৰী; টেকনিক-০৫, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী; এ.পি.এ.কে.এছ.ৱাই.এ., ৰিহাবাৰী, গুৱাহাটী; ৰসায়ন বিজ্ঞান বিভাগ, কটন মহাবিদ্যালয়, গুৱাহাটী।

কিছুমান অন্যান্য কাৰ্য্যসূচী হল-

  • যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ দ্বাৰা চাহৰ গুণাগুণ উন্নতকৰণত বায়’চেঞ্চৰ প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱৰ ওপৰত ৰাজ্যিক ভিত্তিত আলোচনাচক্ৰ অনুষ্ঠিতকৰণ।
  • বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয় চায়েন্স ফৰামৰ দ্বাৰা বিজ্ঞান শিক্ষণৰ ওপৰত কৰ্মশালা অনুষ্ঠিতকৰণ।
  • গুৱাহাটীৰ কটন কলেজ একতা সভাৰ দ্বাৰা প্ৰত্যেকটো প্ৰযুক্তিগত সফলতাই হল পৰম্পৰাৰ পৰা এক সম্পূৰ্ণ বিৰতিৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিতকৰণ।
  • যোৰহাটৰ অনুভৱ কলা কেন্দ্ৰৰ দ্বাৰা পৰম্পৰাগত মৃত্ শিল্প প্ৰযুক্তিবিদ্যা আৰু টেৰাকটা উদ্যোগ বিকাশৰ ওপৰত কৰ্মশালা তথা প্ৰশিক্ষণ অনুষ্ঠান।
  • তেজপুৰৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ, পদাৰ্থ বিজ্ঞানৰ দ্বাৰা লেন টেকনোলজী বিষয়ত কৰ্মশালা অনুষ্ঠিত।
  • যোৰহাটৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দ্বাৰা কৃষি আৰু ইয়াৰ আনুসঙ্গিক ক্ষেত্ৰসমূহৰ বিভিন্ন ক্ষেত্ৰত স্থানীয় উদ্ভাৱনসমূহৰ ওপৰত প্ৰদৰ্শনী অনুষ্ঠিতকৰণ।
  • দৰঙৰ চপাইৰ সৃষ্টিশীল সংস্থা আৰু গ্ৰামীণ বিকাশৰ দ্বাৰা দৰঙৰ টংলাত মহিলা আত্মসহায়ক গোটসমূহৰ বাবে অসমৰ দৰং জিলাত বৰ্ধিত স্থানীয়ভাৱে উপলব্ধ ফল আৰু শাক-পাচলিসমূহৰ খাদ্য প্ৰক্ৰিয়াকৰণৰ ওপৰত প্ৰশিক্ষণ অনুষ্ঠান তথা কৰ্মশালা অনুষ্ঠিতকৰণ।
  • লখিমপুৰৰ পিছলা শাখাৰ অসম বিজ্ঞান সমিতিৰ দ্বাৰা লখিমপুৰত বাঁহজাতীয় উত্পাদন সামগ্ৰী নিৰ্মাণ জনপ্ৰিয়কৰণ আৰু থলুৱা সংস্কৃতিত ইয়াৰ ভূমিকা শীৰ্ষক প্ৰশিক্ষণ অনুষ্ঠান তথা কৰ্মশালা অনুষ্ঠিতকৰণ।
  • নলবাৰীৰ চায়েন্স কমিউকিকেটৰ ফৰামৰ দ্বাৰা নলবাৰীত মহিলাসকলৰ বাবে মম উত্পাদন প্ৰক্ৰিয়াৰ ওপৰত প্ৰশিক্ষণ অনুষ্ঠিন তথা কৰ্মশালা অনুষ্ঠিতকৰণ।
  • গুৱাহাটীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ দ্বাৰা নেন’টেকনোলজী বিষয়ক কৰ্মশালা অনুষ্ঠিতকৰণ।