মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

সা-সৰঞ্জাম উন্নয়ন সেৱা কেন্দ্ৰ

গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত নতুন সৰঞ্জাম/পৰীক্ষণমূলক ব্যৱস্থা বিকশিত কৰাৰ লগতে মহাবিদ্যালয়সমূহৰ বিকল হোৱা সৰঞ্জাম/পৰীক্ষণমূলক ব্যৱস্থাসমূহ মেৰামতি কৰা হয়। মহাবিদ্যালয় পৰীক্ষাগাৰসমূহৰ সৰঞ্জামসমূহৰ মেৰামতি, প্ৰথমে অহাজনক প্ৰথমে সেৱা ভিত্তিত সেৱা আগবঢ়োৱা হয়। মহাবিদ্যালয়সমূহৰ এক কেন্দ্ৰীয় প্ৰয়োজনৰ ওপৰতো সা-সৰঞ্জাম/পৰীক্ষণমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।

কেন্দ্ৰটোৰ পৰা সেৱা গ্ৰহণকাৰী কেইখনমান অনুষ্ঠান হল – কটন মহাবিদ্যালয়, গুৱাহাটী; উত্তৰ গুৱাহাটী মহাবিদ্যালয়, উত্তৰ গুৱাহাটী; এম.চি. মহাবিদ্যালয়, বৰপেটা; বি.বৰুৱা মহাবিদ্যালয়, গুৱাহাটী; সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী; যোৰহাট বিজ্ঞান মহাবিদ্যালয়, যোৰহাট; বীৰঝড়া বিজ্ঞান মহাবিদ্যালয়, বঙাইগাঁও; দৰং মহাবিদ্যালয়, তেজপুৰ; পাণ্ডু মহাবিদ্যালয়, গুৱাহাটী; পূব কামৰূপ মহাবিদ্যালয় , বাইহাটা চাৰিআলি; বি.এইচ. মহাবিদ্যালয়, বৰপেটা; শ্ৰীমন্ত শংকৰ একাডেমী, গুৱাহাটী; ছলিড ষ্টেইট লেবৰেটৰী, গুৱাহাটী বিশ্ববিদ্যালয়;, খানাপাৰা, গুৱাহাটী।

আই.ডি.এছ.চি.ৰ দ্বাৰা আৰ্হি নিৰ্মিত আৰু বিকশিত সা-সৰঞ্জাম

ট্ৰানজিষ্টৰৰ বৈশিষ্ট্য পৰীক্ষা (N+P+N/P-N-P); L-C-R পৰীক্ষণ;এণ্ডাৰছন ব্ৰীজ পৰীক্ষণ, R-C- সংযুক্ত এমপ্লিফায়াৰ; মাল্টি ভাইব্ৰেটৰ পৰীক্ষণ; পূৰ্ণ আৰু অৰ্দ্ধ তৰংগ সংশোধকৰ বাবে তৰংগ সংক্ৰান্ত পৰীক্ষণ; অনুনাদ স্তম্ভ পৰীক্ষণ; ফটো কোষ পৰীক্ষণ; and, not, nor গেইট সৰঞ্জাম; অগ্ৰচালিত আৰু পশ্চাদৱৰ্ত্তী একদেশদৰ্শী বিশ্লেষণৰ বাবে সংযোগী ডায়দ’ সৰঞ্জাম; থাৰ্মিষ্টৰ সৰঞ্জাম ইত্যাদি; পাৰমানবিক বিভেদ অধ্যয়নৰ বাবে সৰলীকৃত জি.এম. গণনা ব্যৱস্থা; বিভিন্ন উষ্ণতাত সুক্ষ্ম ধাতুসমূহৰ প্ৰতিৰোধ শক্তিৰ পৰিমাপ; লেজাৰ আৰু তৰঙ্গ টেংক ব্যৱহাৰ কৰি তৰল পদাৰ্থসমূহৰ বৈশিষ্ট্য অধ্যয়ন কৰা; বৈদ্যুতিন চুইচ আৰু কম্পনাংক উত্পাদকৰে সৈতে মেলদিৰ পৰীক্ষণৰ পৰিৱৰ্তন।

আৰ্হি নিৰ্মিত আৰু বিকশিত নতুন সা-সৰঞ্জামসমূহ-

  • মাইক্ৰৰ পৰা মিললৈ ভল্ট আহিলা
  • অ.পি.এ.এম. পৰীক্ষক
  • উষ্ণতা নিয়ন্ত্ৰক ৰীলে আহিলা
  • আই.চি. নিয়ন্ত্ৰিত শক্তি যোগান ইত্যাদি।

আই.ডি.চি.এছ.ৰ দ্বাৰা বিকশিত নতুন পৰীক্ষামূলক সৰঞ্জামসমূহ

  • ডি মৰ্গানৰ সূত্ৰৰ সত্য প্ৰতিপাদন
  • নৰ্টন আৰু থেভেনিনৰ সূত্ৰৰ সত্য প্ৰতিপাদন
  • ইনপুট অফচেট ভল্টেজ, ইনপুট অফচেট কাৰেণ্ট আৰু ইনপুট বায়াচ কাৰেণ্ট পৰিমাপৰ দ্বাৰা অ.পি.এ.এম.পি.ৰ অধ্যয়ন
  • এটা অ.পি.এ.এম.পি.ৰ অপেন লুপ গেইনৰ অধ্যয়ন
  • এটা অ.পি.এ.এম.পি.ৰ ইনভাৰ্টিং আৰু নন-ইনভাৰ্টিং অৱস্থাত (ক্লজড লুপ গেইন) গেইন অধ্যয়ন
  • থাৰ্ম’কাপল আৰু মাইক্ৰ টু মিনি ভল্ট পৰিৱৰ্তক ব্যৱহাৰ কৰি ষ্টেফান ধ্ৰুৱকৰ পৰিমাপ
  • L-R চাৰ্কিট ব্যৱহাৰ কৰি চেল্ফ ইনডাকচন (স্বয়ং আবেশন)ৰ মান নিৰ্দ্ধাৰণ।

সা-সৰঞ্জামৰ মেৰামতিকৰণ

ভালেসংখ্যক অনুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানত ইউ.পি.এছ., চি.আৰ.অ. ভল্টেজ ষ্টেবিলাইজাৰ, ভি.টি.ভি.এম., চিংগল জেনেৰেটৰ, অনুবীক্ষণ ইত্যাদি।