মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

উত্তৰ-পূব ভাৰতৰ ভূকম্পন সক্ৰিয় অঞ্চলসমূহত ভূমিকম্পৰ পূৰ্বাভাসকাৰী হিচাপে ৰেডনৰ বৈসাদৃশ্য অধ্যয়ন

উত্তৰ-পূব ভাৰত বিশেষকৈ এটা অন্যতম ভূমিকম্প প্ৰৱল অঞ্চল যিয়ে শেহতীয়া অতীজৰে পৰা বাৰে বাৰে সংঘটিত উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ সাক্ষী হৈছে। সেয়েহে ভূমিকম্প সম্পৰ্কীয় গৱেষণা চলাই নিবৰ বাবে এই অঞ্চলটোৱে এটা প্ৰাকৃতিক পৰীক্ষণ ক্ষেত্ৰ আগবঢ়াইছে। গৱেষণাৰ সাম্প্ৰতিক স্থিতিৰ সহায়ত, ৰেডনৰ বৈসাদৃশ্য অধ্যয়নৰ, ভূমিকম্পৰ পূৰ্বাভাসকাৰী হিচাপে উচ্চ সম্ভাৱনা আছে আৰু ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত এই পদ্ধতি উপযুক্তভাৱে পৰীক্ষা কৰি চাব পাৰি।

উত্তৰ-পূব ভাৰতৰ ভূমিকম্প প্ৰৱন অঞ্চলসমূহত ভূমিকম্পৰ পূৰ্বাভাসকাৰী হিচাপে ৰেডনৰ বৈসাদৃশ্য অধ্যয়ন শীৰ্ষক এক প্ৰকল্প নতুন দিল্লীৰ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ভূ-কম্পবিদ্যা শাখাৰ পৃষ্ঠপোষকাতৰ অধীনত এ.এছ.টি.ই. পৰিষদৰ সহযোগত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উচ্চ শক্তি পদাৰ্থবিদ্যা গৱেষণাগাৰৰ ড০ ইন্দুমতী লস্কৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছে।

উদ্দেশ্যসমূহ-

  • আলফা গাৰ্ডৰ স্থায়ী স্থাপনৰ বাবে স্থান নিৰ্বাচন কৰিবলৈ সম্ভাৱ্য দুৰ্বল অঞ্চলসমূহৰ ওচৰত ৩ মাহৰ বাবে এল আৰ – ১১৫ (টাইপ-II)ব্যৱহাৰ কৰি ৫টা অৱস্থানত অন্তৰ্ভুক্তিৰ পৰিমাপন।
  • গুৱাহাটীৰ ভূমিকম্পন প্ৰৱণ অঞ্চলসমূহত অৱস্থিত উপযুক্ত স্থানত আলফা গাৰ্ডৰ সহায়ত উষ্ণতা, চাপ আৰু আৰ্দ্ৰতাৰ সমকালীন লিপিবদ্ধকৰণেৰে ভূমি গেছসমূহত ৰেডনৰ অবিৰত পৰ্যবেক্ষণ।
  • এটা ব্ৰডবেণ্ড চিচম ‘ গ্ৰাফ নেটৱৰ্কৰ পৰা ভূমিকম্পৰ তথ্যসমূহেৰে ৰেডনৰ বৈসাদৃশ্যৰ তথ্যৰ সমকালীন সামঞ্জস্য।
  • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষণ কেন্দ্ৰসমূহৰ সৈতে প্ৰস্তাৱিত পৰ্যবেক্ষণৰ স্থানসমূহত ভূমিকম্প প্ৰৱণতা সম্পৰ্কীয় ৰেডনৰ বৈসাদৃশ্যৰ ওপৰত তথ্য প্ৰচাৰ।