মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

মহিলা আৰু গ্ৰামীণ উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা (সাধাৰণ আৰু পাৰ্বত্য অঞ্চলসমূহ)

এই আঁচনিৰ জৰিয়তে মহিলা আৰু গ্ৰামীণ জনসংখ্যাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, পৰম্পৰাগত গ্ৰামীণ/কূটীৰ শিল্প, বয়ন, কাতন ইত্যাদিৰ উত্কৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰখা প্ৰযুক্তিবিদ্যাৰ বিস্তাৰ/উন্নীতকৰণৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা হয়। উপাৰ্জন সৃষ্টিৰ বাবে সুযোগ মুকলি কৰিবলৈ পাৰস্পৰিক সক্ৰিয় কৰ্মশালা, ক্ষেত্ৰীয় প্ৰদৰ্শনৰ জৰিয়তে নতুন আৰু উন্নত বৈজ্ঞানিক আৰু প্ৰায়োগিক ধাৰণাসমূহ আগবঢ়োৱা হয়। গ্ৰামীণ অঞ্চলৰ মহিলাসকলৰ মাজত গেকৰি খষ্টা কাম অপসাৰণৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হয়। এই আঁচনিৰ অধীনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আগশাৰীত মহিলাসকলক বৰঙণি আগবঢ়াবলৈ উত্সাহিত কৰা হয়।

গৃহীত কাৰ্যসূচীসমূহ-

  • ২০০৫ চনৰ মে মাহত কামৰূপ জিলাত সমূহীয়া সমল কেন্দ্ৰ স্থাপনৰ বাবে কামৰূপৰ সমূহীয়া তথ্য কেন্দ্ৰ (চি.আই.চি.)ত এক অধ্যয়ন চলোৱা হৈছিল।
    • চন্দ্ৰপুৰ সমূহীয়া তথ্য কেন্দ্ৰ, পানীখাইতি (চন্দ্ৰপুৰ খণ্ড উন্নয়ন)
    • ডিমৰিয়া সমূহীয়া তথ্য কেন্দ্ৰ, (সোণাপুৰ চক্ৰ কাৰ্যালয়)
    • ৰাণী সমূহীয়া তথ্য কেন্দ্ৰ (ৰাণী খণ্ড উন্নয়ন)
    • শুৱালকুছি সমূহীয়া তথ্য কেন্দ্ৰ, (শুৱালকুছি খণ্ড উন্নয়ন)
  • ২০০৫ চনৰ ২৬-২৮ অক্টোবৰ সময়ছোৱত গুৱাহাটীৰ খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত গ্ৰামীণ উননয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ বিজ্ঞান মেলা,০৫ অনুষ্ঠিত হৈছিল।
  • দুখন পাহাৰীয়া জিলাত ঘৰুৱা ব্যৱহাৰৰ বাবে ভূমি আৰু পানী পৰীক্ষণ সৰঞ্জামৰ ওপৰত কৰ্মশালা তথা প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল (কাৰ্বি আংলং, উত্তৰ কাছাৰ পাহাৰ)
  • হামৰেণ, কাৰ্বি আংলং, বাইহাটা চাৰিআলি আৰু শোণিতপুৰত কলৰ আঁহৰ পৰা সজ্জা সংক্ৰান্তীয় সামগ্ৰী সজাৰ বাবে কৰ্মশালা তথা প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হৈছিল।
  • উত্তৰ লখিমপুৰত সজাম জেলী প্ৰস্তুতকৰণ আৰু ফল সংৰক্ষণৰ ওপৰত এক প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হৈছিল।
  • নগাঁও এছ.এছ।ই.এ.ই.পি.ৰ দ্বাৰা উত্তৰ কাছাৰ পাহাৰ জিলাত বিজ্ঞান ভিত্তিক কাৰ্যকলাপ অনুষ্ঠিত হৈছিল।