মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

ৰেমীতন্তুৰ আঠাযুক্তকৰণৰ বাবে পৰীক্ষামূলক কুঠী

উত্তৰ-পূব পৰিষদৰ সমৰ্থনেৰে পৰিষদৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে অসমৰ লখিমপুৰৰ বিহপুৰীয়াত ৰেমী তন্তুৰ আঠামুক্তকৰণৰ বাবে এক পৰীক্ষামূলক কুঠী স্থাপন কৰিছে (বিভাগৰ নিৰ্দেশনাৰ অধীনত শ্ৰী ডি. হাজৰিকাৰ দ্বাৰা প্ৰযুক্তিবিদ্যা উন্নত কৰা হৈছে)। ৰেমী তন্তুৰ আৰ্হি, কলকাতাৰ মৰাপাট আৰু আনুসঙ্গিক তন্তুৰ প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা পৰীক্ষা কৰা হৈছে আৰু পৰীক্ষাৰ প্ৰতিবেদনত সূচিত অনুসৰি আঠামুক্ত তন্তুসমূহ সুক্ষ্ম আৰু শক্তিশালী হিচাপে পোৱা গৈছে। এই পদ্ধতিৰ দ্বাৰা আঠামুক্ত হোৱা ৰেমী তন্তুৰ নমুনা ভাৰতীয় মৰাপাট উদ্যোগ গৱেষণা সংস্থা, মেৰিডিয়ান কনচাল্টেন্সি, কুমাৰাপ্পা হেণ্ডমেইড পেপাৰ ইন্সষ্টিটিউট আদিৰ দৰে ভালেমান বস্ত্ৰ উদ্যোগৰ দ্বাৰা পৰীক্ষা কৰা হৈছে আৰু বস্ত্ৰ উদ্যোগত ব্যৱহাৰৰ বাবে সম্পূৰ্ণ উপযুক্ত হিচাপে পোৱা গৈছে। প্ৰকল্পটোৰ আঠামুক্তকৰণ প্ৰযুক্তিবিদ্যাৰ চূড়ান্ত প্ৰতিবেদন আৰু প্ৰায়োগিক কৌশলসমূহ শ্বিলঙৰ এন.ই.চি.ত দাখিল কৰা হৈছে। এই সম্বন্ধীয় পৰৱৰ্ত্তী কাৰ্যসমূহ ৰেমী খেতিৰ জনপ্ৰিয়কৰণ আৰু ইয়াৰ বাণিজ্যিক ব্যৱহাৰৰ ওপৰত সম্পাদন কৰা হব।