মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

সাধাৰণ আৰু পাৰ্বত্য অঞ্চলসমূহৰ বাবে ঔদ্যোগিকীকৰণ বিকাশ অনুষ্ঠান

এই আঁচনিৰ অধীনত নতুন আৰু উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিবেশসমূহেৰে এক বৃত্তি হিচাপে ঔদ্যোগিকীকৰণক অনুসৰণ কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতক/ইচ্ছুক ব্যক্তি/ব্যক্তিসমষ্টিক উত্সাহিত কৰাৰ লক্ষ্যৰে ঔদ্যোগিকীকৰণৰ প্ৰচাৰৰ বাবে পৰিকল্পিত আৰু প্ৰণালীবদ্ধ দৃষ্টিভঙ্গী গ্ৰহণ কৰা হৈছে।

এনে ধৰণৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰা কেইটামান ক্ষেত্ৰ হল-
কাঠফুলা খেতি, শিল্পকৰ্ম, ফুলৰ খেতি, যন্ত্ৰাণুসঙ্গ, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্ততাঁত, ৰেচম বিদ্যা, চামৰাৰ সামগ্ৰী আৰু বস্ত্ৰ।

  • নগাঁও এছ.এছ.ই.এ.ই.পি.ৰ দ্বাৰা উত্তৰ কাছাৰ পাৰ্বত্য জিলাত বিশেষ সমস্যা চিহ্নিতকৰণ আৰু ঔদ্যোগিকীকৰণ উন্নয়ন অনুষ্ঠান অগ্ৰসৰী সজাগতা শিবিৰৰ ওপৰত সমীক্ষা চলোৱা হৈছিল।
  • চামৰাৰ সামগ্ৰী আৰু বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰত ৯জন নিবনুৱাক লৈ এটা ছমহীয়া ছামৰাৰ সামগ্ৰী আৰু বস্ত্ৰ প্ৰস্তুতৰ প্ৰশিক্ষণ অনুষ্ঠানন পৰিকল্পনা কৰা হৈছিল।
  • অসমৰ আত্ম সহায়ক গোটৰ মাজত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ বিষয়াসকলৰ দ্বাৰা ৰঙিয়াত ঔদ্যোগিকীকৰণ উন্নয়ন অনুষ্ঠানসমূহৰ দৰে এক ৰৈখিক আৰু ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ আলোচনা-বিলোচনা অনুষ্ঠিত হৈছে। অনুষ্ঠানটো ৰঙিয়াৰ পৃথিৱীৰ দ্বাৰা আয়োজন কৰা হৈছিল।