মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পুথিভঁৰাল তথা কম্পিউটাৰ স্থাপন

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, দূৰৱৰ্ত্তী চেতনা আৰু পৰিবেশ সংক্ৰান্তীয় বিভিন্ন বিষয়ৰ ওপৰত সাহিত্য আৰু তথ্য যোগান ধৰিবলৈ এক সমল তথা তথ্য সেৱা হিচাপে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ বৰ্তমানে থকা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পুথিভঁৰাল আৰু কম্পিউটাৰ স্থাপন।

কিতাপ আৰু আলোচনীৰ এটা আধুনিক পুথিভঁৰালে পৰিষদৰ বৈজ্ঞানিক আৰু প্ৰায়োগিক বিষয়া আৰু পৰিকল্পনাকাৰীসকলক পৰিষদৰ বিভিন্ন আঁচনি তথা অনুষ্ঠানসমূহ প্ৰস্তুত কৰোতে, সেইসমূহ আলোচনা কৰিবলৈ সক্ষম কৰিব। পুথিভঁৰালটোৱে পৰিষদৰ সকলো বিভাগতে বিভিন্ন দক্ষ গোটসমূহৰ সদস্যসকলক সেৱা আগবঢ়াব। বিভিন্ন শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীসকল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পুথিভঁৰালটোৰ দ্বাৰা উপকৃত হব।