মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
চলি থকা প্ৰকল্পসমূহ

মীন পালন উন্নয়নৰ বাবে অসমৰ ২০টা প্ৰধান জলাশয়ৰ সংহত অধ্যয়ন

পৃষ্ঠভূমি

অসমৰ ২০টা প্ৰধান জলাশয়ৰ সংহত প্ৰকল্পটো ভাৰত চৰকাৰৰ শ্বিলঙস্থ উত্তৰ-পূব পৰিষদৰ দ্বাৰা পৃষ্ঠপোষকিত হৈছে। প্ৰকল্পটো উপগ্ৰহ প্ৰতিৱিম্বৰ ডিজিটেল প্ৰতিৱিম্ব প্ৰক্ৰিয়াকৰণ আৰু দৃষ্টিলব্ধ ব্যাখ্যাৰ জৰিয়তে প্ৰত্যেকটো জলাশয়ৰ পানী পৰিব্যাপ্ত অঞ্চলৰ মেপিং জড়িত হৈ আছে। ভূমি আৰু পানীৰ গুণাগুণ মাপক, ভূমি ব্যৱহাৰ, ভূমি আৱৰণ, ভূমি অধিকাৰ, প্ৰাকৃতিক ভূগোল আদিৰ দৰে মেপ তথ্য আৰু ক্ষেত্ৰীয় তথ্যসমূহৰ সংহতি ভৌগোলিক তথ্যৰ ব্যৱস্থাৰ প্ৰয়োগৰ জৰিয়তে সম্পন্ন কৰা হব।

উদ্দেশ্যসমূহ

  • ১:৫০,০০০ জোখত IRS LISS III উপগ্ৰহ তথ্য ব্যৱহাৰ কৰি প্ৰত্যেকটো জলাশয়ত পানী পৰিব্যাপ্ত অঞ্চল আৰু সময় বিশেষে ইয়াৰ বিভিন্নতা বৰ্ণনা কৰা।
  • জলাশয়সমূহৰ আশে-পাশে জলজ আৰু অন্যান্য উদ্ভিদসমূহ চিনাক্ত কৰা আৰু বৰ্ণনা কৰা তথা জলাশয়সমূহক গুণাত্মক অস্বচ্ছ পৰ্যায় অৰ্পণ কৰা।
  • ২০টা জলাশয়ৰ প্ৰত্যেকটোতে ভূমি আৰু পানীৰ ভৌতিক তথা ৰাসায়নিক মাপকসমূহ বিশ্লেষণ কৰা
  • জি.আই.এছ.ৰ জৰিয়তে মেপসমূহ আৰু তথ্যসমূহ সংঘবদ্ধ কৰা।
  • অসমৰ ২০টা প্ৰধান জলাশয়ৰ বাবে এক কম্পিউটাৰাইজড্ তথ্য ভঁৰাল সৃষ্টি কৰা।

কাৰ্যকলাপ

  • প্ৰকল্প প্ৰতিবেদনৰ প্ৰস্তুতিৰ পৰ্যায়ত আছে।