মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
চলি থকা প্ৰকল্পসমূহ

অৰণ্য আৱৰণ প্ৰগতিশীল অধ্যয়ন আৰু দূৰ সংযোগ তথা জি.আই.এছ. কৌশলসমূহৰ জৰিয়তে বনানীকৰণ স্থান চিহ্নিতকৰণ

পৃষ্ঠভূমি

এয়া এ.এছ.টি.ই. পৰিষদৰ দ্বাৰা পৃষ্ঠপোষিত এক ঘৰুৱা প্ৰকল্প। এই প্ৰকল্পটোত দৃষ্টিলব্ধ ব্যাখ্যা আৰু ডিজিটেল প্ৰতিৱিম্ব প্ৰক্ৰিয়াকৰণ পদ্ধতিৰ জৰিয়তে বৃহত্তৰ গুৱাহাটীৰ চাৰিসীমাৰ ভিতৰত বনাঞ্চলৰ আৱৰণৰ হিচাপ আৰু শ্ৰেণীবিভাগৰ বাবে উপগ্ৰহ প্ৰতিৱিম্বৰ দৃষ্টিলব্ধ ব্যাখ্যা জড়িত হৈ আছে। এই প্ৰকল্পটোৰ ফলাফল মেপ আৰু (১:২৫,০০০ জোখ) প্ৰতিবেদনৰ আকাৰত আগবঢ়োৱা হব।

উদ্দেশ্যসমূহ

  • ১:২৫,০০০ জোখত শীত কালৰ (IRS LISS III আৰু PAN- ২০০২ চনৰ বাবে যুক্ত হৈ) উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰি বৃহত্তৰ গুৱাহাটীৰ ভিতৰত বনাঞ্চলৰ আৱৰণ চিহ্নিত কৰা আৰু বৰ্ণনা কৰা।
  • বনাঞ্চলসমূহক শ্ৰেণীবিভাগ কৰা।
  • ইতিমধ্যে প্ৰস্তুত কৰা ক্ষেত্ৰভিত্তিক তথ্যৰে সমৰ্থিত মেপসমূহৰ পৰা বনানীকৰণৰ বাবে উপযুক্ত স্থান চিনাক্ত কৰা।
  • অধিসূচিত বনাঞ্চলসমূহৰ বাবে এক কম্পিউটাৰাইজদ্ তথ্য ভঁৰাল সৃষ্টি কৰা।

কাৰ্যকলাপ

  • প্ৰকল্পটোৰ কাম-কাজসমূহ উন্নয়নাধীন হৈ আছে আৰু গুৱাহাটী মহানগৰীৰ বনাঞ্চলসমূহৰ ভিতৰত উন্নয়নমূলক কাম-কাজসমূহৰ বাবে পৰিকল্পনা কৰোতে উপযোগী হব বুলি আশা কৰা হৈছে।