মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
চলি থকা প্ৰকল্পসমূহ

অসমৰ শস্যভূমিৰ পৰিমাণ আৰু উত্পাদনৰ হিচাপ

পৃষ্ঠভূমি

ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ দ্বাৰা পৃষ্ঠপোষিত এয়া হল এক ফচল সংগ্ৰহৰ প্ৰাক্-কালত শস্য ভূমি আৰু উত্পাদনৰ হিচাপ প্ৰকল্প আৰু অসমৰ লগতে সমগ্ৰ ভাৰততে ই ৰূপায়িত হৈছে। আহমেদাবাদৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰই এই প্ৰকল্পটোক ৰাষ্ট্ৰীয় পৰ্যায়ত সমন্বয় সাধন কৰি আছে। ১৯৯২ চনৰ পৰা এ.আৰ.এছ.এ.চি.য়ে সৰিয়হ আৰু ধানৰ শস্যভূমিৰ পৰিমাণ হিচাপ কৰাৰ বাবে ৰাজ্যিক সংযোগী সংস্থা হিচাপে জড়িত হৈ আছে।

অসম চৰকাৰৰ কৃষি বিভাগ, অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ আৰু এ.আৰ.এছ.এ.চি. (এ.এছ.টি.ই. পৰিষদ)ৰ পৰা বিষয়াসকলেৰে গঠিত এটা কাৰ্য বাহিনীয়ে এই প্ৰকল্পটো অসমত ৰূপায়ণ কৰি আছে। অসমৰ কৃষি উত্পাদন আয়ুক্তৰ দ্বাৰা পৰিচালিত এখন পৰ্যালোচনা কমিটীয়ে প্ৰকল্পটোৰ উন্নয়ন পৰ্যবেক্ষণ কৰি আছে। প্ৰকল্পটো সম্প্ৰতি চলি আছে।

উদ্দেশ্য

  • অসমত ধান আৰু সৰিয়হৰ উত্পাদন তথা ভূমিৰ পৰিমাণৰ হিচাপ ফচল সংগ্ৰহৰ প্ৰাককালীন অৱস্থাত পূৰ্বানুমান কৰা।

কাৰ্যকলাপ

  • ১৯৯২ চনৰে পৰা শস্যৰ ভূমিৰ পৰিমান আৰু উত্পাদনৰ হিচাপ নিয়মিতভাৱে কৰি অহা হৈছে।