মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
চলি থকা প্ৰকল্পসমূহ

দূৰৱৰ্তী সংবেদন আৰু জি.আই.এছ. কৌশলসমূহ ব্যৱহাৰ কৰি অসমৰ গোৱালপাৰা জিলাৰ প্ৰধান জলাশয়সমূহৰ সংহত অধ্যয়ন

পৃষ্ঠভূমি

ভাৰত চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ৰ দ্বাৰা এই প্ৰকল্পটো পৃষ্ঠপোষকতা কৰা হৈছে। প্ৰকল্পটো উপগ্ৰহ প্ৰতিৱিম্বৰ দৃষ্টিলব্ধ ব্যাখ্যা, ডিজিটেল প্ৰতিৱিম্ব প্ৰক্ৰিয়াকৰণৰ জৰিয়তে জলাশয়সমূহৰ কম্পিউটাৰাইজ বিভাজন, ১:৫০,০০০ জোখত জিলাখনৰ জলাশয়সমূহত বিভিন্ন তথ্যৰ স্তৰৰ তুলনা তথা আস্তৰণৰ বাবে ভৌগোলিক তথ্য ব্যৱস্থাৰ প্ৰয়োগ। প্ৰাক্-মৌচুমী আৰু মৌচুমী উত্তৰ কাল দুটা ভিন্ন সময়ৰ উপগ্ৰহ তথ্যৰ ডিজিটেলৰ লগতে কাগজত ছপা দুয়োবিধেই অধ্য়নৰ বাবে ব্যৱহাৰ কৰা হয়। এই প্ৰকল্পটো উন্নয়নাধীন হৈ আছে।

উদ্দেশ্যসমূহ

  • ১:৫০,০০০ জোখত মৌচুমীৰ প্ৰা আৰু উত্তৰ কালৰ (IRS LISS II- ১৯৯৬ চনৰ বাবে) উপগ্ৰহ তথ্য ব্যৱহাৰ কৰি গোৱালপাৰা জিলাৰ প্ৰধান জলাশয়সমূহ চিনাক্ত কৰা আৰু বৰ্ণনা কৰা।
  • জলাশয়সমূহৰ আশে-পাশে জলজ আৰু অন্যান্য উদ্ভিদসমূহ চিনাক্ত কৰা আৰু বৰ্ণনা কৰা আৰু জলাশয়সমূহক গুণাত্মক অস্বচ্ছ পৰ্যায় অৰ্পণ কৰা।
  • অসমৰ গোৱালপাৰা জিলাৰ জলাশয়সমূহৰ বাবে কম্পিউটাৰাইজদ্ তথ্য ভঁৰাল সৃষ্টি কৰা।

কাৰ্যকলাপ

  • প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুতিৰ পৰ্যায়ত আছে আৰু জিলাখনৰ জলাশয়সমূহৰ বহনক্ষম উপযোগিতাৰ বাবে সঠিক কৌশল সাজিবলৈ পৰিকল্পনাকাৰীসকলৰ দ্বাৰা বহলভাৱে ব্যৱহাৰ হব বুলি আশা কৰা হৈছে।