মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
চলি থকা প্ৰকল্পসমূহ

দীপৰ বিল অৱবাহিকাৰ ভূমি ব্যৱহাৰ /ভূমিৰ আৱৰণ মেপিং

পৃষ্ঠভূমি

এই প্ৰকল্পটো শ্বিলঙস্থ উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (ভাৰত চৰকাৰৰ মহাকাশ বিভাগ)ৰ দ্বাৰা পৃষ্ঠপোষকিত। এই প্ৰকল্পটোত ১৯৮৫ৰ পৰা ২০০৫লৈ তৃতীয় স্তৰৰ শ্ৰেণীবিভাজনেৰে দূৰত্ব সংবেদিত উপগ্ৰহ তথ্যভিত্তিত ৫ বছৰৰ মূৰে মূৰে দীপৰ বিল অৱবাহিকাৰ ভূমি ব্যৱহাৰ/ভূমি আৱৰণৰ প্ৰস্তুত (ডিজিটেল ধৰণে) জড়িত হৈ আছে। জি.আই.এছ.ত প্ৰয়োগৰ বাবে বন ব্যৱস্থাপনা আৰু প্ৰশাসনীয় চাৰিসীমা মেপ, অৱবাহিকাটোৰ গাঁওসমূহৰ মেপৰ সংহতি ডিজিটেল ধৰণে পৃথক পৰ্যায়ত ৰখা হয়।

উদ্দেশ্যসমূহ

  • (i) IRS LISS II, (ii) IRS LISS III আৰু (iii) লেণ্ডচেট TM আদিৰ দৰে দূৰৱৰ্তী সংবেদন উপগ্ৰহ তথ্যৰ ওপৰত ভিত্তি কৰি ১৯৮৫ চনৰে পৰা ২০০৫ চনলৈ ৫ বছৰৰ মূৰে মূৰে দীপৰ বিল অৱবাহিকাৰ ভূমি আৱৰণ/ভূমি ব্যৱহাৰ মেপ প্ৰস্তুত কৰা।
  • অৱবাহিকাটোৰ গাঁৱৰ মেপ সৃষ্টি কৰা।
  • বন ব্যৱস্থাপনা আৰু প্ৰশাসনীয় চাৰিসীমাৰ মেপ সৃষ্টি কৰা।
  • সমগ্ৰ অৱবাহিকাটোৰ বাবে ঢাল, অৱস্তা আৰু সীমাসূচক মেপ সৃষ্টি কৰা।

কাৰ্যকলাপ

  • প্ৰকল্পটো কাৰ্যকৰী হৈ আছে।