মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
চলি থকা প্ৰকল্পসমূহ

ব্যৱহাৰকাৰী বিভাগসমূহৰ প্ৰয়োজন অনুসৰি তথ্যভঁৰাল অভিযোজন

অনুৰ্বৰা ভূমি, প্ৰাকৃতিক দুৰ্যোগ সাহায্য অনুষ্ঠান আদিৰ দৰে প্ৰকল্পৰ অধীনত এ.আৰ.এছ.এ.চি.ত সৃষ্ট বিভিন্ন ডিজিটেল তথ্যভঁৰাল ব্যৱহাৰকাৰীৰ প্ৰয়োজন অনুসৰি পৰৱৰ্ত্তী অভিযোজন কৰা হয়। ব্যৱহাৰকাৰী বিভাগসমূহ হল- বিভিন্ন জিলাৰ খণ্ড উন্নয়ন কাৰ্যালয়, ডি.আৰ.ডি.এ., ভূমি সংৰক্ষণ আৰু বেচৰকাৰী সংস্থাসমূহ।

প্ৰকল্পটোৰ অধীনত সৃষ্ট বিভিন্ন প্ৰসঙ্গ বিষয়সমূহৰ প্ৰয়োজনীয় যোগানসমূহ প্ৰদান কৰাৰ দ্বাৰা (যেনে- গাঁওসমূহেৰে জলচ্ছেদ আৰোপন, অনুৰ্বৰ ভূমি আৰু ভূমি ব্যৱহাৰ ইত্যাদি) তেওঁলোকৰ প্ৰকল্পসমূহ প্ৰস্তুতকৰণত এ.আৰ.এছ.এ.চি.য়ে মূল্যৱান নিৱেশ কৰি আছে। প্ৰয়োজনীয় কম্পিউটাৰ নক্সাসমূহ সৃষ্টি কৰা হয় আৰু ব্যৱহাৰকাৰীলৈ যোগান ধৰা হয়।

ইয়াৰোপৰি সম্পূৰ্ণ অসমৰ গাঁওসমূহৰ তথ্যভঁৰাল অসমৰ ইউনিচেফ সম্পৰ্কিত প্ৰকল্পসমূহৰ বাবে প্ৰয়োজন হিচাপে জি.আই.এছ. পৰিবেশত, আমি উন্নীত কৰি আছো। অসম চৰকাৰৰ, ডি.এল.আৰ.ৰ থানা মেপসমূহ ব্যৱহাৰ কৰি অনুৰ্বৰা ভূমি প্ৰকল্পৰ অধীনত গাঁও পৰ্যায়ৰ তথ্যৰ ভঁৰাল সৃষ্টি কৰা হৈছিল। সম্প্ৰতি প্ৰত্যেকখন জিলাৰ জিলা প্ৰশাসনৰ সৈতে আলোচনা মৰ্মে উন্নীতকৰণ অব্যাহত আছে।