মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
চলি থকা প্ৰকল্পসমূহ

ধান খেতিসমূহৰ পৰা মিথেন নিৰ্গমনৰ মহাকাশীয় সময়গত মেপিং

পৃষ্ঠভূমি

ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ দ্বাৰা ধান খেতিসমূহৰ পৰা মিথেন নিৰ্গমনৰ মহাকাশীয় সময়গত মেপিং প্ৰকল্পটোৰ পৃষ্ঠপোষকতা কৰা হৈছে আৰু অসমকে ধৰি ১২খন ধান খেতিপ্ৰধান ৰাজ্যত ৰূপায়ণ কৰা হৈছে। আহমেদাবাদৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰই এই প্ৰকল্পটো ৰাষ্ট্ৰীয় পৰ্যায়ত সমন্বয় সাধন কৰি আছে। ২০০৪ চনৰে পৰা এ.আৰ.এ.য়ে ধান খেতিৰ পৰা মিথেনৰ নমুনাৰ বাবে ৰাজ্যিক সংযোগী হিচাপে জড়িত হৈ আছে।

উদ্দেশ্যসমূহ

  • দেশখনৰ বিভিন্ন কৃষি পৰিবেশতান্ত্ৰিক অঞ্চলৰ পৰা মিথেন নিৰ্গমনৰ বিশ্লেষণ আৰু পুংখানুপুংখভাৱে ক্ষেত্ৰৰ পৰিমাপ।
  • ক্ষেত্ৰ পৰিমাপৰ বাবে এক অনুকূল নমুনাকৰণৰ পৰিকল্পনাৰ আৰ্হি প্ৰস্তুতকৰণ আৰু অঞ্চলটো স্তৰীভূক্ত কৰিবলৈ জি.আই.এছ. পৰিবেশত দূৰৱৰ্তী সংবেদন আৰু আনুসঙ্গিক তথ্যসমূহৰ সমন্বয় সাধন।
  • ধানৰ পৰিস্থিতি তন্ত্ৰৰ পৰা মহাকাশীয় মিথেন নিৰ্গমনৰ নমুনা সৃষ্টি।
  • ভূমি, বিভিন্ন প্ৰকাৰৰ খেতি আৰু পৰিবেশগত বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি নিৰ্গমনৰ পূৰ্বানুমান কৰিবৰ বাবে মিথেন নিৰ্গমনৰ নমুনাক উদ্দীপিত কৰা।

কাৰ্যকলাপ

  • ধান খেতিসমূহৰ পৰা সংগ্ৰহ কৰা আৱশ্যকীয় ভূমি আৰু মিথেনৰ নমুনা নিয়ম অনুসৰি বিশ্লেষণৰ বাবে কটকৰ চি.আৰ.আৰ.আই.লৈ পঠিওৱা হৈছে।