মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অধিক
দূৰৱৰ্তী সংবেদন
চলি থকা প্ৰকল্পসমূহ

অসমৰ প্ৰকৃত সময়ৱৰ্ত্তী বানপানীৰ মেপিং

পৃষ্ঠভূমি

ৰাডাৰ ছেট (যদিহে মেঘ অপৰিৱৰ্ত্তনীয় হৈ থাকে), ভাৰতীয় দূৰ সংবেদনৰ পৰা আহৰণ কৰা উপগ্ৰহ তথ্যৰ (যদিহে মেঘ মুক্ত হৈ থাকে) পৰা পোৱা বানপানীৰ স্তৰ, হায়দৰাবাদৰ এন.আৰ.এছ.এ. জলসম্পদ বিভাগৰ পৰা ই-মেইলৰ জৰিয়তে আমাৰ কেন্দ্ৰলৈ পঠিয়াই দিয়া হয়। এই বানপানীৰ স্তৰ জিলা চাৰিসীমা আৰু গাঁৱৰ চাৰিসীমা স্তৰৰ সৈতে অসমৰ বুনিয়াদী মেপৰ দৰে অন্যান্য তথ্য স্তৰত ডিজিটেল ধৰণে একীভূত হৈ আছে। সংশ্লিষ্ট বিভাগসমূহলৈ অগ্ৰৱৰ্ত্তী বিতৰণৰ বাবে প্ৰয়োজনীয় প্লাৱিত অঞ্চলসমূহৰ পৰিসংখ্যা জিলা অনুসৰি গণনা কৰা হয়।

বানপানীৰ দ্বাৰা সৃষ্ট ক্ষয়-ক্ষতিসমূহৰ পৰিসংখ্যাগত তথা স্থান সংক্ৰান্তীয় তথ্য আহৰণ কৰিবলৈ ভূমি ব্যৱহাৰ/ভূমি আৱৰণ, গাঁওসমূহৰ চাৰিসীমা, পথ, ৰেলপথ আৰু চিহ্নসূচক তথ্য (আৰ্থ-সামাজিক, জনসংখ্যা বিষয়ক, শস্যৰ স্থিতি ইত্যাদি) আদিৰ দৰে বিভিন্ন স্তৰ ব্যৱহাৰ কৰি এক অসমত বানপানীৰ পাছৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন গঠন কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছিল। অসমৰ চাৰিখন জিলা কামৰূপ, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বাবে শেহতীয়াভাৱে এ.আৰ.এছ.এ.চি.য়ে তথ্যভঁৰাল গঠন (আন্তঃগাঁঠনি, ভূমি ব্যৱহাৰ/ভূমি আৱৰণ, হাইড্ৰজিঅ মৰ্ফলজী আৰু আৰ্থ-সামাজিক তথ্যসমূহৰ সৈতে অন্যান্য প্ৰশাসনীয় সীমাসমূহ) সম্পূৰ্ণ কৰিছে। বাকীসমূহ জিলাৰ বাবে তথ্য ভঁৰাল শ্বিলঙত এন.ই.-এছ.এ.চি. আৰু খৰগপুৰৰ আৰ.আৰ.এছ.এছ.চি.ত গঠন হৈ আছে। পৰিশেষত সকলো তথ্য ভঁৰাল আৰ.আৰ.এছ.এছ.চি.(এন)ত সমন্বয় সাধন কৰা হয়। এই প্ৰকল্পটো ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সহযোগিতাত কাৰ্যৰত হৈ আছে। সৃষ্ট তথ্য ভঁৰালসমূহ সংশ্লিষ্ট বিভাগসমূহলৈ অগ্ৰৱৰ্ত্তী দাখিলৰ বাবে বানপানী প্লাৱিত স্তৰেৰে সৈতে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। এয়া বাৰ্ষিকভাৱে সম্পন্ন হোৱা এক নিয়মিত অনুষ্ঠান।

উদ্দেশ্যসমূহ

  • বানপানীৰ পাছৰ কালৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন তথা সঠিক সাহায্য সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে বিভিন্ন ব্যৱহাৰকাৰী বিভাগক প্ৰকৃত নিকটসময় ভিত্তিত বানপানী প্লাৱনৰ স্থিতি (মেপ আৰু অঞ্চলৰ পৰিসংখ্যা) প্ৰচাৰ কৰা।
  • প্ৰকৃত নিকট সময় বানপানী পৰ্যবেক্ষণ আৰু ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে তথ্য প্ৰযুক্তি সৰঞ্জামসমূহ ব্যৱহাৰ কৰি মহাকাশ ভিত্তিক ব্যৱস্থা আৰু সেৱাসমূহৰ সক্ষমতা প্ৰদৰ্শন কৰা।

কাৰ্যকলাপ

  • বানপানীৰ কালছোৱাত চৰকাৰী বিভাগসমূহলৈ নিয়মিতভাৱে প্লাৱনৰ স্থিতি প্ৰদান কৰা হয়।