মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

মহাকাশৰ ব্যৱহাৰৰ কাৰণে ৰাজ্যিক বৈঠক

৭ ছেপ্তেম্বৰত আয়োজন কৰা ৰাষ্ট্ৰীয় বৈঠকৰ অনুৱৰ্তী কাৰ্য হিচাপে ১২ মে ২০১৬ বৰ্ষত মহাকাশ প্ৰযুক্তিৰ সাম্ভাব্য ব্যৱহাৰকাৰী বিভাগৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত এক অভিবিন্যাস বৈঠকৰ আয়োজন কৰা হয়।

সচিব স্তৰত নিৰ্ণয় নোডাল বিষয়াসকলৰ অনুসৰি এন.ই.এছ.এ.চি. আৰু এ.আৰ.এছ.এ.চি.ৰ বিজ্ঞানীসকলৰ সহায়ত তেওঁলোকৰ বিভাগৰ কাৰণে মহাকাশ প্ৰযুক্তিবিধ্যাৰ ব্যৱহাৰৰ ওপৰত আঁচনি প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হৈছে। সেই অনুসৰি প্ৰাৰম্ভিক কৰ্মশালাৰ আয়োজন আৰু আলোচনা ৮ আগষ্টৰ পৰা ১২ আগষ্ট, ২০১৬ লৈ সাম্ভাব্য আঁচনিসমূহৰ ওপৰত কৰা হৈছিল আৰু যাক প্ৰশাসনিক ষ্টাফ মহাবিদ্যালত অসমৰ মাননীয় মুখ্যমন্ত্ৰী, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাননীয় মন্ত্ৰী, তথ্য প্ৰযুক্তি আৰু জল সম্পদ, অসম চৰকাৰৰ উপস্থিতিত ৩ ডিচেম্বৰ, ২০১৬ বৰ্ষত আয়োজিত ৰাজ্যিক বৈঠকত প্ৰস্তত কৰা হৈছিল।