মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

অসম জৈৱ-সম্পদ কেন্দ্ৰ

পটভূমি

অসমে পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ এক স্থানত, ইয়াৰ অৱস্থিতি হিচাপে গৌৰৱ কৰিব পাৰে। নিৰ্বিচাৰ অনিয়ন্ত্ৰিত আৰু বন বা প্ৰাকৃতিক সম্পদৰাজিৰ ধ্বংস যজ্ঞৰ ফলত কিন্তু বহুতো জৈৱ-সম্পদ বিলুপ্তিৰ পথত। ধ্বংস কাৰ্যৰ এই ভয়ানক গতি ৰোধ কৰিবলৈ সাধাৰণ মানুহৰ মাজত বৈজ্ঞানিক সজাগতা বা দৃষ্টিভঙ্গীৰ পৰিসৰ বৃদ্ধি হবই লাগিব, যাতে দ্ৰুত গতিত বিলুপ্তিৰ পথলৈ আগবঢ়া কিছুমান বহুমূলীয়া আৰু ঔষধী গুণসম্পন্ন উদ্ভিদ প্ৰজাতি ৰক্ষা কৰিব পাৰি। এই বিষয়বস্তু বা সমস্যাক লৈয়ে মদন কামদেৱত, অসম জৈৱ সম্পদ কেন্দ্ৰ স্থাপন কৰা হৈছে। (ডাক- বাইহাটা চাৰিআলি, কামৰূপ, অসম)। ১৯৯৩-৯৪ চনৰ পৰা প্ৰকল্পটো অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ সঁহাৰিৰে চলি আছে।

অসম জৈৱ-সম্পদ কেন্দ্ৰৰ মুখ্য উদ্দেশ্যসমূহ হল-
১. উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিকভাৱে গুৰুত্ব থকা, কিছুমান নিৰ্বাচিত প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ অন্য অৱস্থানত আৰু যথাস্থানতেই ভিন্ন ধৰণৰ জাৰ্মপ্লাম বেংক, উদ্যান, সংৰক্ষণশালা বা সংৰক্ষণগৃহ প্ৰতিষ্ঠানৰ দ্বাৰা সংৰক্ষণ কৰা.
২. উদ্ভিদ আৰু প্ৰাণীজগতৰ সঠিক আৰু মিতব্যয়ী পদ্ধতিৰে কেনেকৈ সংৰক্ষণ সম্ভৱ তাৰ ওপৰত গৱেষণা।
৩. উদ্ভিদ আৰু প্ৰাণী জগতৰ অধ্যয়ন সম্পৰ্কীয় স্নাতকোত্তৰ ছাত্ৰ, বৃত্তিপ্ৰাপ্ত আৰু গৱেষক ব্যক্তিক সুবিধা প্ৰদান কৰা।
৪. অসম আৰু উত্তৰ-পূব ভাৰতৰ জৈৱ সম্পদৰ বিষয়ে তথ্য প্ৰচাৰ কৰা।

অসম জৈৱ-সম্পদ কেন্দ্ৰত আন্তঃগাঁঠনিৰ সুবিধা

ভূমি – ১৯৯৫ চনত অসম চৰকাৰৰ পূৰাতত্ব সঞ্চালকালয়ৰ পৰা ঐতিহাসিক মদন কামদেৱ মন্দিৰ বাইহাটা চাৰিআলিৰ ওচৰত ৫৫ বিঘা মাটি লাভ কৰে।
উদ্ভিদ উদ্যান – কেন্দ্ৰৰ ২০ বিঘা মাটি ৬টা সৰু খণ্ডত ভাগ কৰা হৈছে। অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিকভাৱে গুৰুত্ব থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰতিটো খণ্ডতে সুন্দৰকৈ প্ৰতিপালন কৰা হৈছে। কছুমান পৰাশ্ৰয়ী অৰ্কিডো কেন্দ্ৰত প্ৰাকৃতিক পৰিবেশত সংৰক্ষণ কৰা হৈছে।
ঔষধীশালা আৰু সংগ্ৰহালয় – ঔষধীশালাৰ কক্ষৰ সংখ্যা - ১২টা। উদ্ভিদৰ প্ৰজাতিৰ নমুনাৰ লগতে ঔষধীশালাৰ শ্বীটৰ সংখ্যা – ৪০০০ বিধ। সংগৃহীত প্ৰজাতিৰ নমুনাৰ সংখ্যা – ৩০০বিধ।
সংৰক্ষণসমূহ – অৰ্কিড গৃহ – ২টা, ঢেকিয়াজাতীয় উদ্ভিদ গৃহ – ১টা, ল্যাথ গৃহ – ১টা, কুৱলী গৃহ – ১টা, কেটটাছ গৃহ – ২টা।
কেন্দ্ৰত বিকশিত উদ্ভিদৰ নমুনা – ঔষধী জাতীয় উদ্ভিদ – ১৫০ বিধ, বাঁহ – ২০ বিধ, কেকটাছ – ১৫বিধ, অৰ্কিড – ৯৫ বিধ, বেত – ৪বিধ, আন আন গছৰ লগতে গুল্ম জাতীয় উদ্ভিদ – ৩২০ বিধ।

প্ৰভাৱ

১. সকলো বৈজ্ঞানিক অনুষ্ঠান, বিশ্ববিদ্যালয়, কলেজ, স্কুল ইত্যাদিক কেন্দ্ৰটোৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে নিয়মিতভাৱে শিক্ষাজনিত উদ্দেশ্যৰে দৰ্শনাৰ্থে কেন্দ্ৰটোলৈ আহে।
২. অঞ্চলটোৰ জনসাধাৰণ পৰিবেশ আৰু জৈৱ বৈচিত্ৰ্যতা ৰক্ষাৰ ক্ষেত্ৰত সচেতন হৈ উঠিছে।

জড়িত থকা বিভাগ/প্ৰতিষ্ঠানসমূহ

১. পৰিবেশ আৰু বন বিভাগ, অসম চৰকাৰ
২. বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, অসম চৰকাৰ
৩. ইনষ্টিটিউট অব বায়ো-ৰিচোৰ্ছ আৰু চাষ্টেইনেবল ডেভেলপমেণ্ট, মণিপুৰ
৪. পূৰাতাত্বিক সঞ্চালকালয়, অসম চৰকাৰ
৫. আঞ্চলিক উদ্ভিদ সম্পদ কেন্দ্ৰ, ভূৱনেশ্বৰ
৬. ৰাষ্ট্ৰীয় উদ্ভিদ বিদ্যা সংক্ৰান্তীয় গৱেষণা প্ৰতিষ্ঠান, লক্ষ্ণৌ
৭. ভাৰতীয় উদ্ভিদ সংক্ৰন্ত জৰীপ, কলকাতা
৮. বন গৱেষণা প্ৰতিষ্ঠান, ডেৰাডুন