মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ,১৯৯৩ চনত আৰম্ভ হোৱা এক ৰাষ্ট্ৰজোৰা বিজ্ঞান যোগাযোগ কাৰ্যসূচী। ৰাষ্ট্ৰীয় পৰিষদৰ এই অনুষ্ঠান বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ (এন.চি.এছ.টি.চি.), বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, ভাৰত চৰকাৰৰ বাবে এন.চি.এছ.টি.চি, নতুন দিল্লীৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰজোৰা কাৰ্যসূচী।

এই সমাৰোহ ১০-১৭ বছৰীয়া স্কুলীয়া আৰু আনুষ্ঠানিকভাৱে স্কুলত ভৰ্তি নোহোৱা, উভয় শ্ৰেণীৰ শিশুৰ বাবে এক মঞ্চ, যত তেওঁলোকে নিজৰ সৃষ্টিশীলতা উদ্ভাৱনীমূলক চিনতাধাৰা আৰু বিশেষকৈ কিছুমান স্থানীয় সামাজিক সমস্যাৰ বিজ্ঞানৰ প্ৰয়োগেৰে সমাধানৰ পথ, প্ৰদৰ্শনীৰ জৰিয়তে দেখুৱাব পাৰে।

প্ৰত্যেক জিলাই প্ৰতি বছৰে অসমত, ৰাজ্যিক পৰ্যায়ৰ এন.চি.এছ.চি পতাৰ বা আয়োজন কৰাৰ বাবে, এক জিলা আয়োজক সমিতি গঠন কৰি দিয়া হৈছে। জিলা পৰ্যায়ৰ এনে সভাত ১০-১২টা প্ৰকল্প নিৰ্বাচন কৰা হয়। ২-৫জনীয়া দলগতভাৱে ২-৫জনে এইবোৰ ৰাজ্যিক পৰ্যায়ত প্ৰদৰ্শন কৰিব পাৰে। এন.চি.এছ.চিৰ ৰাজ্যিক পৰ্যায়ৰ সভা বা মেলা পৰিচালনা কৰিবলৈ প্ৰতি বছৰে এক ৰাজ্যিক আয়োজক সমিতি গঠন কৰা হয়।

বিস্তাৰিত জানিবলৈ ভিসিট কৰক: http://astec.gov.in/ncsc