মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

পৰিবেশগত তথ্য ব্যৱস্থা (ই.এন.ভি.আই.এছ.)

পটভূমি

ভাৰত চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ৰ সমৰ্থন আৰু উত্সাহেৰে, এই প্ৰকল্পৰ লক্ষ্য হল- উন্নতি উদ্ধতি প্ৰণয়ন কৰি পৰিবেশগত ব্যৱস্থাপনাত লাভ অৰ্জন কৰা, যাতে সাধাৰণ মানুহ উপকৃত হব পাৰে। স্থানীয় অৱস্থাৰ সমস্যা, বিষয়বস্তু আৰু বিভিন্ন সংগতি থকা বিষয়ৰ ওপৰত তথ্য প্ৰযুক্তিৰে এই প্ৰকল্পই তথ্য আধাৰিত ব্যৱস্থাৰ সৃষ্টি কৰে। এ.এচ.টি.ই. পৰিষদত অৱসথিত অসম চেণ্টাৰ অব ই.এন.ভি.আই.এছ., যোৱা চাৰি বছৰৰ পৰা ৰাজ্যিক পৰিবেশ সম্বন্ধীয় সমস্যাৰ ক্ষেত্ৰত নিযুক্ত হৈ আছে।

উদ্দেশ্যসমূহ

১. বিভিন্ন বিষয় ক্ষেত্ৰ সামৰি যেনে- বিষয়বস্তু, স্থানীয় অৱস্থা, সমস্যা, তথ্য ইত্যাদিৰ দ্বাৰা পৰিবেশ সম্বন্ধীয় দেশৰ লাগতিয়াল তথ্যপাতিৰ নেটৱৰ্কৰ বিকাশ।
২. পৰিবেশ বা পাৰিপাৰ্শ্বিক সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত উত্সৰ্গিত অনুষ্ঠানসমূহত অংশগ্ৰহণ বৃদ্ধি কৰি, নেটৱৰ্কৰ বিকাশ তথা উন্নয়ন কৰা।
৩. নবীনতম তথ্য যোগাযোগ প্ৰযুক্তি ব্যৱহাৰ কৰি ই.এন.ভি.আই..এছ. চক্ৰৰ প্ৰসাৰ আৰু আধুনিকীকৰণ কৰা।
৪. ক্ষমতা বৃদ্ধি উন্নয়ন কাৰ্যসূচীৰ জৰিয়তে লাহে লাহে স্থানীয় ভাষা পদ্ধতি সংযুক্তিৰ সৈতে, পৰিবেশগত তথ্যৰ ওপৰত যাতে এক ৰাষ্ট্ৰজোৰা ৱেব সক্ষম নেটৱৰ্ক পাবলৈ সক্ষম হয়।

কাৰ্যকলাপ

১. তিমিমহীয়া সংবাদপত্ৰ প্ৰকাশ
২. অসমৰ পৰিবেশজনিত তথ্য সংগ্ৰহ আৰু ৰাজ্যত প্ৰচাৰ
৩. পৰিবেশগত দলিল/দিশত জনসাধাৰণক সংবেদনশীল কৰা।
অসম ই.এন.ভি.আই.এছ.ৰ শেহতীয়া আপডেটৰ বাবে ক্লিক কৰক – http://asmenvis.nic.in