মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞানৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

১. ভাৰত চৰকাৰৰ এন.চি.এছ.টি.চি., বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা সমৰ্থিত আৰু গতিবৰ্ধিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ হল, ১০ৰ পৰা ১৭ বছৰৰ ভিতৰৰ লৰা-ছোৱালীৰ বাবে ১৯৯৩ চনৰে পৰা ৰূপায়িত ৰাষ্ট্ৰ ব্যাপ্ত এক অনুষ্ঠান।
২. অসমত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ জিলা ভিত্তিত কাৰ্যসূচী পৰিচালনা কৰিবলৈ প্ৰতি বছৰে প্ৰত্যেকখন জিলাৰ বাবে একোখন জিলা সংগঠক কমিটী গঠন কৰা হয়।
৩. অসমৰ সকলো জিলাতে সংশ্লিষ্টড জিলা সংগঠক কমিটীৰ দ্বাৰা জিলা পৰ্যায়ৰ NCSC অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছে।
৪. ২-৫টা লৰা-ছোৱালীৰ এটা দলেৰে ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত প্ৰকল্পসমূহ উপস্থাপন কৰিবলৈ জিলা-পৰ্যায়ৰ অনুষ্ঠানত ১০-১২টা প্ৰকল্প নিৰ্বাচন কৰা হয়।
৫. ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিবলৈ প্ৰতি বছৰে একোখন ৰাজ্যিক সংগঠক কমিটী গঠন কৰা হয়।
৬. ৰাজ্যিক সংগঠক কমিটীৰ দ্বাৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠানৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যাৱলীসমূহ অনুষ্ঠিত কৰি অহা হৈছে।