মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বিজ্ঞানৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ

বিজ্ঞান নগৰ

১. ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ তৰফৰ পৰা ৯০:১০ৰ আৰ্হিত প্ৰদান কৰা পুঁজিৰ সহায়ত ২০১২-১৩ বৰ্ষৰ পৰাই এই আঁচনি ৰূপায়ন কৰি থকা হৈছে।
২. এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হৈছে যোগযোগৰ অত্যাধুনিক আহিলা আৰু লগতে বিষয়বস্তু বিথিকা, বহু সংখ্যক বাৰ্তালাপকাৰী প্ৰদৰ্শনী আৰু বৈজ্ঞানিক উদ্যানৰ জৰিয়তে বিজ্ঞানৰ জনপ্ৰিয়কৰণ আৰু ক্ষমতা বৰ্ধন কৰা।
৩. কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে ২০১৪ চনতে সোণাপুৰৰ নাজিৰাখাট নামে ঠাইত ২৫০ বিঘা পৰিমাণৰ ভূমি লাভ কৰা হৈছে যি বৰ্তমান সম্পূৰ্ণ ৰূপে আমাৰ অধীনত আছে। কলিকতাৰ বিজ্ঞান সংগ্ৰহালয় ৰাষ্ট্ৰীয় পৰিষদৰ কাৰিকৰী সহযোগত ইতিমধ্যেই গুৱাহাটী বিজ্ঞান নগৰ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰাম্ভ কৰা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে ডিপ টিউব ৱেল স্থাপন কৰিছে আৰু নিৰ্মাণ কাৰ্য্যও অতি সোনকালে আৰাম্ভ কৰা হব।
৪. ১.৮৩ কিলোমিটাৰ ৰ্দৈঘ্যৰ সীমা বেৰ (প্ৰথম পৰ্য্যায়) নিৰ্মাণৰ কাম ইতিমধ্যেই আৰাম্ভ কৰা হৈছে আৰু ইয়াৰে ৪০০ মিটাৰ নিৰ্মাণ কাৰ্য্য গড়কাপ্তানি বিভাগ (ভ) বিভাগে সম্পূৰ্ণ কৰিছে।