মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

বৌদ্ধিক স্বত্ব অধিকাৰৰ বাবে আবেদন (আই.পি.আৰ.)

এই অধিকাৰে মগজুৰ সৃষ্টিক সুচায়- কোনো বস্তুৰ আৰ্হি, বাণিজ্যত ব্যৱহাৰ কৰা প্ৰতিক, কৱিতা, চিত্ৰ, আলোকচিত্ৰ ইত্যাদি। ই এখন গাড়ীৰ দৰে যাক স্বত্বাধিকাৰীয়ে নিজ ইচ্ছা অনুসাৰে চলাব পাৰে, ভাড়াত প্ৰদান কৰিব পাৰে নাইবা বিক্ৰী কৰিব পাৰে। ঠিক সেইদৰে আই.পি.ও ইয়াৰ স্বত্বাধিকাৰীয়ে বিক্ৰী কৰিব পাৰে বা ইয়াৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব পাৰে।

আই.পি.এ সাংবিধানিক সূৰক্ষাও বিচাৰিব পাৰে যি আই.পি.আৰ.এ প্ৰদান কৰে।আই.পি. সূৰক্ষাৰ বিভিন্ন প্ৰকাৰ সমূহ হৈছে-

  • কৃতিস্বত্ব
  • ভৌগলিক সূচক
  • কপিৰাইট
  • ট্ৰেডমাৰ্ক
  • আৰ্হি
  • চেমিকণ্ডক্টৰ ইণ্টিগ্ৰেটেড চাৰ্কিট আৰু বিন্যাস আৰ্হি
  • উদ্ভিদৰ প্ৰকাৰ আৰু কৃষকৰ অধিকাৰৰ সুৰক্ষা

বৌদ্ধিক স্বত্বৰ অধিকাৰ হৈছে এক সাংবিধানিক অধিকৰা, এবাৰ এই অধিকাৰ লাভ কৰাৰ পাছত সৃষ্টিকৰ্তাৰ মতামত অবিহনে এক নিৰ্দিষ্ট সময়সীমালৈ সেই একে ধৰণৰ উদ্ভাৱন বা ইয়াৰ বাণিজ্যিক ব্যৱহাৰ আন কোনেও কৰিব নোৱাৰে। এই কাৰ্য্যাৱলী বা উদ্ভাৱন সমূহৰ বাণিজ্যক ব্যৱহাৰ কৰিলে এই অধিকাৰে সৃষ্টিকৰ্তা/স্বত্বাধিকাৰী সকলক লাভান্বিত হোৱাটো নিশ্চিত কৰে। উদ্ভাৱক, সৃষ্টিকৰ্তা, আৰ্হি প্ৰস্তুতকৰ্তা সকলে তেঁলোকৰ জ্ঞান আৰু কাৰ্য্যাৱলী প্ৰকাশ কৰিলে আই.পি.আৰ. প্ৰদান কৰা হয়।

কৃতিস্বত্ব

কৃতিস্বত্ব হৈছে উদ্ভাৱক সকলক প্ৰদান কৰা এক সূকীয়া স্বত্বৰ অধিকাৰ, যি এক উতপাদ বা এক পদ্ধতিও হব পাৰে যি কিবা এটা কৰাৰ নতুন পথ প্ৰদৰ্শন কৰে বা কোনো সমস্যাৰ সমাধন প্ৰদান কৰে। এই ব্যৱস্থাই উদ্ভৱকক তেওঁৰ উদ্ভাৱনৰ বাবে সূৰক্ষা প্ৰদান কৰে আৰু সেইয়া কেৱল ২০বছৰৰ বাবেহে।


ভৌগলিক সূচক

ভৌগলিক সূচক(জি.আই.) হৈছে এক প্ৰতিক যি সামগ্ৰীৰ ওপৰত ব্যৱহাৰ কৰা হয় যি এক নিৰ্দিষ্ট ভৌগলিক পৰিসীমাৰ অন্তৰ্গত আৰু ইনিজৰ উত্সক প্ৰতিনিধিত্ব কৰাৰ বাবেই বস্তুবিধৰ মাণদণ্ডকো বুজাই।ইয়াৰ ম্যাদঅনিৰ্দিষ্ট কাললৈ যদিও প্ৰতি ১০বছৰৰ মূৰত ইয়াক নৱীকৰণ কৰাৰ প্ৰয়োজন আছে।


কপিৰাইট

কপিৰাইট হৈছে এক সাংবিধানিক শব্দ যাক প্ৰদান কৰা হয় সাহিত্য তথা সংস্কৃতিক জগতৰ ব্যক্তিসকলক, তেওঁলোকৰ বিশেষ সৃষ্টিৰ বিপৰীতে।এনে অধিকাৰ শিল্পী, শব্দ যান্ত্ৰীক, দূৰদৰ্শনৰ অনুষ্ঠান নিৰ্মাতা, সম্প্ৰচাৰ সংস্থা আদি সকলোকে প্ৰদান কৰা হয়। সাহিত্যিকৰ ক্ষেত্ৰত এই অধিকাৰ জীৱন যুৰি অব্যাহত থকাৰ উপৰিওসাহিত্যক গৰাকীৰ মৃত্যুৰ ৬০বছৰলৈ এই অধিকাৰ অব্যাহত থাকে। চলচিত্ৰ, আলোকচিত্ৰ আদিৰ ক্ষেত্ৰত এই সূৰক্ষা ৬০বছৰলৈ থাকে যদিও সম্প্ৰচাৰৰ ক্ষেত্ৰত ইয়াৰ ম্যাদ কেৱল ২৫বছৰ।


ট্ৰেডমাৰ্ক

ট্ৰেডমাৰ্ক বা ব্ৰেণ্ড হৈছে এক প্ৰতিক স্বৰূপ যাৰ জৰিয়তে কিছুমান সামগ্ৰীৰ নিৰ্মাতা কোন এই কথা চিনাক্ত কৰিব পাৰি। এই ট্ৰেডমাৰ্ক সূৰক্ষাৰ ম্যাদ সুকীয়া সুকীয়াযদিও ইয়াক ১০বছৰৰ মূৰে মূৰে সাধাৰণতে নৱীকৰণ কৰিব পাৰি।


আৰ্হি

উদ্যোগ এটাৰ আৰ্হি বা সাধৰণ অৰ্থত এক আৰ্হি হৈছে অলংকাৰ স্বৰূপ বা কোনো সামগ্ৰীৰ সৃজনীমূলক দিশ যাক উদ্যোগ বা হস্তশিল্পৰ জৰিয়তে তৈয়াৰ কৰা হয়;ইয়াৰ পঞ্জীকৰণ আৰু নৱীকৰণে সুৰক্ষাৰ ম্যাদ বেছিভাগ ক্ষেত্ৰতে ১৫বছৰলৈ প্ৰদান কৰে।


চেমিকণ্ডক্টৰ ইণ্টিগ্ৰেটেড চাৰ্কিট আৰু বিন্যাস আৰ্হি

চেমিকণ্ডক্টৰ ইণ্টিগ্ৰেটেড চাৰ্কিট হৈছে ট্ৰানজিষ্টৰ আৰু চাৰ্কিটৰ বাবে প্ৰয়োজনীয় উপাদান যুক্ত এক সামগ্ৰী যি চেমিকণ্ডাক্টৰজাতীয় সামগ্ৰী, ইন্সিউলেটিং সামগ্ৰী বা চেমিকণ্ডক্টৰজাতীয় সামগ্ৰীৰ ভিতৰত এৰাব নোৱাৰাকৈ সংযোগ কৰা হয় যাক নিৰ্মাণ কৰা হয় বৈদ্যুতিক চাৰ্কিটজাতীয় কাৰ্য্য সম্পাদন কৰিবলৈ। আনহাতে বিন্যাস আৰ্হি হৈছে ট্ৰানজিষ্টৰ আৰু অন্য চাৰ্কিট উপাদানৰএক বিন্যাস যি সীহ তাঁৰৰ জৰিয়তে এই চাৰ্কিট উপাদান সমূহক সংযুক্ত কৰে এক চেমিকণ্ডাক্টৰ ইণ্টিগ্ৰেটেড চাৰ্কিটত যিকোনো ধৰণে ইয়াক প্ৰকাশ কৰে। এনে “চেমিকণ্ডক্টৰ ইণ্টিগ্ৰেটেড চাৰ্কিট” আৰু “বিন্যাস আৰ্হি”ক সূৰক্ষা প্ৰদান কৰাৰ জৰিয়তে ইয়াক আন সামগ্ৰীত ব্যৱহাৰ কৰা বা নকল কৰাৰ ক্ষেত্ৰত বাধাআৰোপ কৰা হয়। এই সূৰক্ষা ১০বছৰৰ বাবে প্ৰদান কৰা হয়।


উদ্ভিদৰ প্ৰকাৰ আৰু কৃষকৰ অধিকাৰৰ সুৰক্ষা

নতুনকৈ সৃষ্টি কৰা শষ্যৰ প্ৰজাতিক এই ধৰণৰ আই.পি.আৰ.ৰ জৰিয়তে সূৰক্ষা প্ৰদান কৰা হয়।নতুন শষ্যৰ প্ৰজাতিৰ উন্নয়নৰ বাবে ইয়াৰ সংৰক্ষণ, উন্নয়ন আৰু উপলব্ধ কৰোৱাৰ ক্ষেত্ৰতো কৃষক সকলৰ অধিকাৰ সূৰক্ষিত কৰা হয় এই আই.পি.আৰ.ৰ জৰিয়তে।এই সূৰক্ষাই খেতিয়ক সকলক বীজৰ উন্নত মাণদণ্ডসুনিশ্চিত কৰাৰ ইয়াৰসঞ্চয় কৰা, ব্যৱহাৰ কৰা, বিনিময় কৰা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰে। উদ্ভিদ আৰু আঙুৰ সূৰক্ষাৰ ম্যাদ ১৮বছৰলৈ বাহাল থাকে যদিও আন কিছুমান প্ৰজাতিৰ বাবে এই ম্যাদ হৈছে ১৫বছৰ যি নৱীকৰণক্ষম।