মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবশ পৰিষদ

সফলতাৰ গাঁথা
  • পৰিষদে অসমত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস, বিশ্ব পৰিবেশ দিৱস, ধৰিত্ৰী দিৱস উদযাপন কৰা আৰম্ভ কৰে। এই দিৱসসমূহ পালন কৰাটো, গৱেষণা, শৈক্ষিক, বেচৰকাৰী প্ৰতিষ্ঠান আৰু ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ বাবে বাধ্যতামূলক হৈ পৰে।
  • পৰিষদে প্ৰত্যেক বছৰে অসমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ কাৰ্যক্ৰমৰ সফলতাৰে দায়িত্ব পালন কৰি আহিছে।
  • অসমৰ দুৰ্গম অঞ্চলত ২৮টা বিদ্যালয় বিজ্ঞান কেন্দ্ৰ স্থাপন কৰিছে আৰু ইয়াৰ কাম চলিয়েই আছে।
  • উন্নয়নশীল আৰু প্ৰয়োজন ভিত্তিক প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা যেনে- উন্নত মানৰ ষ্টীলৰ হালকা তাঁতশাল যাতে স্থানীয় বয়নশিল্পীৰ উত্পাদন বৃদ্ধি হয় বা উত্সাহিত হয়।
  • যুৱকসকলৰ মাজত স্বনিয়োজনৰ পথ হিচাপে অসমত কাঠফুলা খেতিক জনপ্ৰিয় কৰি তোলা।
  • ৰাজ্যৰ শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰ যেনে- মুগা আৰু বুনিয়াদী আৰু প্ৰয়োগ বিজ্ঞানৰ অনুসন্ধানৰ ক্ষেত্ৰত গৱেষণা কাৰ্য চলোৱা।
  • ভাৰতৰ উত্তৰ-পূব অঞ্চলত সৌৰ ৰেডিঅ নিৰীক্ষণ-জনিত আৰু গৱেষণাৰ সুবিধা আৰম্ভ কৰা।
  • অসমৰ চহৰ অঞ্চল, গাঁও অঞ্চল আৰু দুৰ্গম অঞ্চলসমূহত, অগতানুগতিক শক্তি যোগান ধৰিব পৰা যন্ত্ৰ বা আহিলাৰ যোগান ধৰা আৰু তেনে ব্যৱস্থাৰ সুফলসমূহ জনসাধাৰণক প্ৰদান কৰা।
  • ভাৰত চৰকাৰৰ অগতানুগতিক শক্তি উত্স মনত্ৰালয়ৰ দ্বাৰা পৰিষদে পুৰস্কাৰো বুটলিবলৈ সক্ষম হৈছে। ১৯৯৫-৯৬ চনত সৌৰ পি.ভি. কাৰ্যসূচী অসমত সফলতাৰে প্ৰয়োগ/কাৰ্যকৰী কৰাৰ বাবে এই পুৰস্কাৰ পায়।
  • মদন কামদেৱত অসম জৈৱ-সম্পদ কেন্দ্ৰ স্থাপন।
  • পৰিবেশ বা পাৰিপাৰ্শ্বিকৰ প্ৰভাৱ সম্পৰ্কীয় গৱেষণা কাৰ্য চলাই যোৱা আৰু বিষয়টো জনসাধাৰণৰ মাজত দৃষ্টিগোচৰ কৰা।
  • ৰাজ্যৰ দূৰ সংবেদী আধাৰিত প্ৰকল্প আৰু ইয়াৰ ৰাষ্ট্ৰীয় গুৰুত্ব আৰু উন্নয়ন কাৰ্যক্ৰমৰ সৈতে এইবোৰক সংযোগ কৰা।
  • গুৱাহাটী কটন কলেজৰ সহযোগত, ২০০৪ চনত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আয়োজিত কৰা।
  • ভাৰত চৰকাৰৰ পেটেণ্ট সহায়তা কেন্দ্ৰ টি.আই.এফ.এ.চি, ডি.এচ.টিৰ সহযোগত পেটেণ্ট তথ্য কেন্দ্ৰ স্থাপন কৰা যাতে, ৰাজ্যৰ জনসাধাৰণক বৌদ্ধিক সম্পত্তি অধিকাৰ সেৱা প্ৰদান কৰিব পাৰে।
  • গুৱাহাটী কটন কলেজৰ ৰসায়ন বিভাগৰ সহযোগত পানী আৰু মাটি পৰীক্ষণ কীটৰ বিকাশ।
  • উদ্ভিদ বিদ্যা সাধনা কেন্দ্ৰ, উদ্ভিদ বিদ্যা বিভাগ কটন কলেজ, গুৱাহাটীৰ সহযোগত অনুজীৱৰ অধ্যয়নৰ বাবে কাৰ্যকৰী আধাৰিত মডিউলাৰ বিকাশ।
  • এচ. এণ্ড টি. প্ৰয়োগৰ বাবে পদক্ষেপ আৰু উন্নয়নমূলক ব্যৱস্থাৰ অসমৰ ক্ষেত্ৰত কাৰ্যকৰীতাৰ বাবে, এচ.এণ্ড টি.ৰ ৰাষ্ট্ৰীয় সম্পদৰে ৰাজ্যিক সম্পদৰ সংযোগ স্থাপনৰ দ্বাৰা, এখন মঞ্চ হিচাপে কাম কৰাৰ ক্ষেত্ৰত পৰিষদ সফল।