বিজ্ঞান প্ৰদৰ্শনীৰ অধীনত বিভিন্ন কাৰ্যসূচী
- ৰাজ্যিক বিজ্ঞান মেলা/সন্মিলনঃ ২০১৭ চনৰ ২৭ৰ পৰা ২৮ ফেব্ৰুৱাৰীত ৰাজ্যিক পৰ্যায়ৰ এখন বিজ্ঞান মেলা গুৱাহাটীত অনুষ্ঠিত হয়। বিভিন্ন বিজ্ঞানসন্মত প্ৰদৰ্শন যেনে- দ্ৰুণৰ ব্যৱহাৰ, মহাকাশ প্ৰযুক্তি, ভাৰ্চুৱেল বাস্তৱতা ইত্যাদি প্ৰদৰ্শিত কৰা হয়। ছাত্ৰ-ছাত্ৰী, শিক্ষানুৰাগী আৰু সাধাৰণ মানুহৰ মাজত, অভাৱনীয় সঁহাৰি, এই মেলাই লাভ কৰে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, অসম চৰকাৰৰ প্ৰযোজনা আৰু যুটয়াভাৱে এ.এছ.টি.ই.চি. আৰু এ.এম.ট.আৰ.অ.এন-য়ে গোটেই অনুষ্ঠানটো বাস্তৱায়িত কৰে।

- ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সভা/সমাৰোহ (ৰাজ্যিক পৰ্যায়ৰ সভা):ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সঁহাৰিৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ এক উদ্ভাৱনীমূলক অনুষ্ঠান। ১৯৯৩ চনৰ পৰাই ১০-১৭ বছৰীয়া শিশুসকলৰ বাবে এই মহাসভা প্ৰতি বছৰেই অনুষ্ঠিত হৈ আহিছে। প্ৰত্যেক ৰাজ্যৰে শিশুসকলে উপযুক্ত শিক্ষকৰ নেতৃত্বত প্ৰস্তুত কৰা, বৈজ্ঞানিক প্ৰকল্পৰ আৰ্হি, এই সমাৰোহলৈ লৈ আনে আৰু প্ৰথম বাৰৰ বাবে জিলা-ভিত্তিক প্ৰকল্পৰ প্ৰতিবেদন আৰ্হিৰে সৈতে তেওঁলোকে প্ৰদৰ্শনৰ সুযোগ পায়। জিলা ভিত্তিক নিৰ্বাচিত হলে তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ সমাৰোহত নিজ নিজ প্ৰকল্প প্ৰদৰ্শনৰ সুযোগ পায়। ৰাজ্যিক সমাৰোহত সৰ্বোচ্চতম ২৬জন শিশুক, ৰাষ্ট্ৰীয় পৰ্য়াযৰ সমাৰোহত অংশগ্ৰহণৰ বাবে নিৰ্বাচন কৰে। এ.এছ.টি.ই. পৰিষদ এক্টে যোগসূত্ৰকাৰী সংস্থা হিচাপে অসমত কাম কৰে।

- আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ:২০০৮ চনত ৰাজ্যৰ সকলো উন্নয়ন খণ্ডতে ২১৯টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, বিজ্ঞান আৰু প্ৰযুক্তিক, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ মানুহৰ কাষ চপাই অনাৰ অৰ্থে স্থাপন কৰা হৈছিল। এইবোৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ কাৰ্যক্ৰমৰ, তৃণমূল পৰ্যায়ৰ কেন্দ্ৰ হৈ উঠিছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ প্ৰযোজনা আৰু এ.এচ.টি.ই.চি.ৰ কাৰ্যকাৰিতাৰে প্ৰত্যেক বছৰেই ৰাজ্যত বিজ্ঞান প্ৰদৰ্শনী আৰু প্ৰকল্প প্ৰদৰ্শন অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে।

- ভ্ৰাম্যমান বিজ্ঞান গৱেষণাগাৰঃ এ.এছ.টি.ই.চি.য়ে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ বাবে দুখন ভ্ৰাম্যমান বিজ্ঞান গৱেষণাগাৰ ডিজাইন কৰিছে যাতে স্কুলীয়া শিশুসকল লাভান্বিত হয়। ই মাথো বৈজ্ঞানিক সা-সৰঞ্জম আৰু যন্ত্ৰপাতিয়েই প্ৰদৰ্শন নকৰে, বৈজ্ঞানিক প্ৰয়োগ বা পৰীক্ষা-নিৰীক্ষা কৰাৰো সুবিধা প্ৰদান কৰে।

- বিজ্ঞান যাত্ৰাঃ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ প্ৰযোজনা বা উদ্যোগত স্কুলীয়া বা লৰা-ছোৱালীৰ ওপৰত বিজ্ঞানৰ আলোকপাতৰ উদ্দেশ্যে, তেওঁলোকক কলকাতাৰ বিজ্ঞান নগৰী দৰ্শনৰ বাবে লৈ যোৱা হয়। এই কাৰ্যসূচী আই.আৰ.চি.টি.চি, ভাৰতীয় ৰেল বিভাগৰ সহযোগিতাত সঞ্চালিত বা পৰিচালিত হয়।
- যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহঃ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে, বিজ্ঞান সংগ্ৰহালয়ৰ ৰাষ্ট্ৰীয় পৰিষদৰ সহযোগত স্থাপন কৰিছিল। প্ৰকল্পটো এ.এচ.টি.ই.চি.ক ন্যস্ত কৰা হৈছিল আৰু ২০১৩ চনত ই সম্পূৰ্ণ হৈ কাৰ্যকৰী হৈছিল। কেন্দ্ৰটো বিজ্ঞান প্ৰদৰ্শনী আৰু তাৰকা ৰাজ্য দৰ্শনীৰ ব্যৱস্থাৰে সুসজ্বিত।
